নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ মাস্কেই হাতিয়াৰ নহয়

নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ ক’ভিড-১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ফেচ মাস্কই একমাত্ৰ হাতিয়াৰ হ’ব নোৱাৰে। শেহতীয়াকৈ বিশ্ৱ স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধান’ম ঘেব্ৰিয়েছাছে এই কথা সদৰী কৰিছে। ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ একমাত্ৰ মাস্কেই হাতিয়াৰ হ’ব বুলি ভৱাটো ভুল। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ মতে য’তে হেণ্ড ৱাশ্বিং আৰু সামাজিক দূৰত্ব কঠিন তাতহে মাস্কে এই ভাইৰাছ সংক্ৰমণৰ পৰা আংশিক পৰিত্ৰাণ দিব পাৰে। গতিকে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছৰ মতে এই ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত। ফেচ মাস্ক ব্যৱহাৰ কৰাৰ উপৰি হেণ্ড ৱাশ্বিং আৰু সামাজিক দূৰত্বৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য টেড্ৰ’ছৰ। স্মৰ্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনাক মানৱ জাতিৰ বাবে এক ভাবুকি আখ্যা দিছে।

You might also like