নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ যুঁজত ভাৰতক চেল্যুট ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে গোলকীয় যুঁজত আন দেশক সহায় কৰা বাবে ভাৰতক চেল্যুট জনাইছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনী’ গুটেৰেছে ৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি বিভিন্ন দেশলৈ মেলেৰিয়া প্রতিৰোধী ঔষধ হাইড্র’ক্সিক্ল’ৰোকুইন যোগান ধৰাৰ বাবে ভাৰতক ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়ে চেল্যুট জনোৱা বুলি এখন সংবাদ মেলত মুখপাত্র ষ্টেফান ডুজাৰিকে প্রকাশ কৰিছে ৷ ক’ভিড–১৯ক লৈ ভাৰতৰ পদক্ষেপ সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত সচিবপ্রধানগৰাকীৰ্ মুখপাত্র ডুজাৰিকে কয় যে বাণিজ্যিক ভিত্তিত হ’লেও ভাৰতে ৫৫খন ক’ৰোনা ভাইৰাছ সংক্রমিত দেশলৈ হাইড্র’ক্সিক্ল’ৰোকুইন যোগান ধৰা প্রক্রিয়া অব্যাহত ৰাখিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত এই হাইড্র’ক্সিক্ল’ৰোকুইন সম্ভাব্য ঔষধ হিচাপে আমেৰিকা যুক্তৰাষ্ট্রৰ খাদ্য আৰু ঔষধ কর্তৃপক্ষই চিনাক্ত কৰাৰ পাছতেই আমেৰিকাই ভাৰতৰ পৰা এই ঔষধবিধ বিচাৰিছিল৷ ক’ৰোনা ভাইৰাছৰ বাবে এই ঔষধবিধ ৰপ্তানিত নিষেধাজ্ঞা বলৱৎ কৰাৰ পৰিপ্রেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতক এই ঔষধবিধ প্রেৰণ কৰিবলৈ আহ্বান জনায়৷ আমেৰিকাৰ আহ্বানৰ প্রতি লক্ষ্য ৰাখিয়েই মেলেৰিয়া প্রতিৰোধী এই ঔষধবিধৰ ৰপ্তানিত নিষেধাজ্ঞা প্রত্যাহাৰ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্রলৈ প্রেৰণ কৰে৷ আমেৰিকাৰ পাছত মৰিছাছ চিচিলী দেশেও এই ঔষধবিধ ভাৰতৰ পৰা লাভ কৰে৷ আফগানিস্তান, ভূটান, বাংলাদেশ, নেপাল, মালদ্বীপ, শ্রীলংকা, ম্যানমাৰ, জাম্বিয়া, মাদাগাস্কাৰ, উগাণ্ডা, মালি, কংগো, আর্মেনিয়া, ফ্রান্স, জর্ডান, কেনিয়া, নাইজেৰিয়া, অ’মান, পেৰু, নিগাৰ, বুৰকিনা ফাছো, ডোমিকান ৰিপাব্লিক, ইকুৱেডৰ, কাজাখস্তান, ছিৰিয়া, জামাইকা, ইউক্রেইন আদি দেশলৈও হাইড্র’ক্সিক্ল’ৰোকুইন প্রেৰণ কৰিব নতুন দিল্লীয়ে৷ উল্লেখ্য যে হাইড্র’ক্সিক্ল’ৰোকুইন প্রেৰণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজক ইতিমধ্যে ৰাষ্ট্রসংঘৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাই ভূয়সী প্রশংসা কৰিছে ৷

You might also like