কাইলৈৰ পৰা ৰাছিয়াত নিষিদ্ধ হ’ব চীনা নাগৰিক !
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াত প্ৰৱেশ কৰিব বিচৰা চীনা নাগৰিকসকলৰ ওপৰত প্ৰতিবন্ধক লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে চীনৰ ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ লোৱাৰ ওপৰত ভিত্তি কৰিয়েই ৰাছিয়াই এই সিদ্ধান্ত লোৱা বুলিও সূত্ৰটোত প্ৰকাশ পাইছে । যাৰ বাবে পৰ্যটন, কৰ্মসূত্ৰে, শিক্ষামূলক অথবা বিভিন্ন বেচৰকাৰী উদ্দেশ্যে ২০ ফেব্ৰুৱাৰীৰ পাছত চীনৰ যিকোনো লোককে ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে ।
মনকৰিবলগীয়া যে এই পৰ্যন্ত ৰাছিয়াত এটাও ক’ৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ অহা নাই ।
ইপিনে ইয়াৰ পূৰ্বেও ৰাছিয়াই চীনৰ সৈতে ৪,২৫০ কিলোমিটাৰ সীমান্ত বন্ধ কৰিছিল ।