নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰত প্রচণ্ড গৰমত স্কুল বাছতে মৃত্যু চাৰি বছৰীয়া ভাৰতীয় শিক্ষার্থীৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: প্রচণ্ড গৰমত অসুস্থ হৈ স্কুল বাছতেই মৃত্যুৰ কোলাত ঢ়লি পৰিল এটি ৪ বছৰ বয়সীয়া কন্যা শিশু৷ প্রচণ্ড গৰমত অজ্ঞান হৈ বাছৰ ভিতৰত শুই পৰিছিল শিশুটি৷ কিন্তু বাছচালক আৰু সহকাৰী কোনেও একো বুজিব নোৱাৰিলে৷ তলা বন্ধ বাছৰ ভিতৰতে দীর্ঘ সময় ধৰি পৰি থাকে শিশুটি৷ তলা খোলাৰ পিছত শিশুটিৰ মৃত্যু হোৱাটো নিশ্চিত কৰে চালকে৷ কর্মসূত্রে কাটাৰৰ ৰাজধানী ডোহাত থাকে কেৰালা নিৱাসী শিশুটিৰ পিতৃ–মাতৃ৷ মিনছা মৰিয়ম জেকভ নামৰ শিশুটি নার্ছাৰী স্কুলৰ শিক্ষার্থী আছিল৷ দেওবাৰে স্কুললৈ যোৱাৰ সময়ত বাছৰ ভিতৰতে অসুস্থ হৈ পৰে মৰিয়ম৷ প্রচণ্ড গৰমৰ বাবে বাছৰ ভিতৰতে মৃত্যুক সাবটি ল’বলগীয়া হয় মৰিয়মে৷ এই ঘটনাক কেন্দ্র কৰি ডোহাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ বিদ্যালয় কর্তৃপক্ষৰ গাফিলতিৰ ফলত কন্যা শিশুটিৰ মৃত্যু হোৱা বুলি একাংশ লোকে অভিযোগ কৰিছে৷

You might also like