নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰৰ পুঞ্চত পথ দুৰ্ঘটনা, ৯ জনৰ মৃত্যু, ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ পুঞ্চত এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি পুঞ্চৰ সাভজিয়ান অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাৰ পতিত হয় মিনি বাছখন। বাছখন খাৱৈত পৰাৰ পিছত ৯ জন লোকে প্ৰাণ হেৰুৱায়। ইফালে, সেনাৰ উদ্ধাৰ অভিযান চলি আছে। বাছ দুৰ্ঘটনাত বহু লোক আহত হৈছে। আহত বহু লোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যাও বৃদ্ধিৰ সংকা কৰা হৈছে।

বহু আহতক ভৰ্তি কৰোৱা হৈছে মন্দি হাস্পতালত। বাছ দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত এক আতংকৰ পৰিৱেশ সৃষ্টি হয়। বৰ্তমানো সেনা, আৰক্ষী আৰু স্থানীয় গাঁওবাসীৰ যৌথ উদ্ধাৰ অভিযান চলি আছে। তথ্য মতে ৩৬ জন যাত্ৰী কঢ়িয়াই অনা বাছখন গালী ময়দানৰ পৰা পুঞ্চ অভিমুখে গৈ থকাৰ সময়তে সাৱজিয়ানৰ সীমান্ত অঞ্চলৰ বৰাৰী ড্ৰেইনৰ ওচৰত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়।

ইপিনে এই দুৰ্ঘটনাৰ খবৰ লোৱাৰ লগতে উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে প্ৰতিজন মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ দিয়াৰ বিপৰীতে আহতসকলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।’

You might also like