কাবুলৰ গুৰুদ্বাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণঃ নিহত ১১
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনাৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বুধবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় গুলীচালনাৰ ঘটনা । কাবুলৰ শিখ উপাসনাস্থলী গুৰুদ্বাৰত বন্দুকধাৰীৰ এই আক্ৰমণৰ ফলত মৃত্যু হৈছে প্ৰায় ১১ জনকৈ লোকৰ ।
আফগানিস্তানৰ শিখ সাংসদ নৰেন্দ্ৰ সিঙে শিখ সকল সংখ্যালঘু হোৱাৰ বাবেই এই আক্ৰমণ চলোৱা হ’ল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ সময়ত তাত আৰক্ষীৰ লোক উপস্থিত আছিল যদিও বাধা প্ৰদান কৰা নাছিল ।
আক্ৰমণৰ লক্ষ্য কৰি লোৱা এই গুৰুদ্বাৰত সেইসময়ত উপস্থিত আছিল প্ৰায় ১৫০ গৰাকী লোক । আক্ৰমণৰ সময়ত গুৰুদ্বাৰৰ কাষতে থকাৰ বাবে পোনে পোনে ঘটনাস্থলীলৈ ৰাওনা হৈছিল সাংসদ নৰেন্দ্ৰ সিং ।
এই আক্ৰমণ সংঘটিত কৰাৰ পাচতো কোনোৱে অৱশ্যে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই । তালিবান নেতা জাবিহুল্লাহ মুজাহিদে টুইট কৰি জনাইছে যে তালিবান ইয়াৰ সৈতে সংযুক্ত নহয় । মাৰ্চ মাহৰ আৰম্ভণিতে ইছলামিক ষ্টেটৰ সহযোগী এটা সংগঠনে ৰাজধানী কাবুলৰ সংখ্যালঘু ছিয়া মুছলমানৰ এক সমাৱেশত আক্ৰমণ চলোৱাৰ পাচতেই মৃত্যু হৈছিল ৩২ গৰাকীকৈ লোকৰ ।