নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত যুদ্ধৰ বাবে ভাৰতে মজুত কৰিছে ক্ষেপণাস্ত্ৰ

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ পাক বিদেশমন্ত্রী কুৰেশ্বিৰ পুনৰ পত্র প্রেৰণ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ সঘনে ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অভিযোগ তুলি কেবল পত্র লিখিছে পাক বিদেশমন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে ৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ পুনৰ এক পত্র লিখি কুৰেশ্বিয়ে অভিযোগ কৰিছে যে ভাৰতে বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্র মজুত কৰিছে নিয়ন্ত্রণৰেখাৰ সমীপত৷ এই ক্ষেপণাস্ত্রবোৰ পাকবিৰোধী আক্রমণত ভাৰতীয় সেনাই ব্যৱহাৰ কৰাৰ আশংকা আছে বুলিও বিদেশমন্ত্রীগৰাকীয়ে পত্রখনত উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে কাশ্মীৰত ভয়াৱহ পৰিস্থিতি অব্যাহত থকা বুলি উল্লেখ কৰি বিশ্ব নেতৃত্বক এক সম্ভাব্য যুদ্ধৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিবলৈও আহ্বান জনাইছে কুৰেশ্বিয়ে৷ ভাৰতে কাশ্মীৰত বিভিন্ন প্রকাৰৰ ক্ষেপণাস্ত্র মজুত কৰাৰ ফলত অকল কাশ্মীৰ উপত্যকাই নহয়, সমগ্র দক্ষিণ এছিয়াত এক উত্তেজনাৰ পৰিৱেশ আহি পৰিছে বুলিও শ্বাহ মেহমুদ কুৰেশ্বিয়ে অভিযোগ কৰিছে৷ একে সময়তে ভাৰতে বিভিন্ন ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই থকা বিষয়টোক লৈও উদ্বেগ প্রকাশ কৰিছে পাক বিদেশমন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে যোৱা ১২ জানুৱাৰীৰ পৰা পাক বিদেশমন্ত্রীগৰাকীয়ে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ ধাৰাবাহিকভাৱে পত্র লিখি আছে৷ এই প্রতিখন পত্রতে প্রতিৱেশী ভাৰতৰ কাশ্মীৰ নীতি সন্দর্ভত ক্ষোভ উজাৰিছে মেহমুদ কুৰেশ্বিয়ে৷ কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছলৈও পত্র লিখিছে নেতাগৰাকীয়ে৷ উল্লেখনীয় যে ভাৰত পূর্বৰে পৰা ৰাষ্ট্রসংঘৰ সামৰিক পর্যৱেক্ষক গোটত সদস্য হিচাপে আছে৷ ভাৰত–পাকিস্তানে ৰাষ্ট্রসংঘৰ এই সামৰিক পর্যৱেক্ষক গোটৰ সদস্য হিচাপে বিশ্বৰ সর্বোচ্চ সংস্থাটোত যিকোনো উত্তেজনামূলক পৰিস্থিতি সন্দর্ভত অভিযোগ কৰিব পাৰে৷ ইয়াৰ সুযোগ গ্রহণ কৰি আহিছে পাকিস্তানী বিদেশমন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে৷ অৱশ্যে নিৰাপত্তা পৰিষদে বিষয়টো সন্দর্ভত কোনোধৰণৰ মতামত ব্যক্ত কৰা নাই৷

You might also like