নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাই কঢ়িয়াইছে বিশ্বযুদ্ধৰ পৰিস্থিতি

উদ্যোগ–কাৰখানাই প্রস্তুত কৰিছে প্রতিৰোধী সঁজুলি

নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধই এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতি পুনৰ সজীৱ কৰি তুলিছে৷ বিশ্বজুৰি কাৰখানাসমূহে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্রত মেডিকেল ডিভাইচ প্রস্তুতৰ চিন্তা–চর্চা চলাইছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে চিকিৎসক আৰু নার্ছসকলৰ বাবে বিভিন্ন সামগ্রী প্রস্তুতৰ নির্দেশ সকলো ব্যক্তিগত খণ্ডৰ কাৰখানাক প্রদান কৰাৰ সম্ভাৱনা আছে৷ ব্রিটেইন চৰকাৰে অধিক ভেণ্টিলেটৰ ব্যৱস্থাৰ বাবে যুদ্ধকালীন কুচকাৱাজ আৰম্ভ কৰিছে৷ দক্ষিণ আফ্রিকাই বিশাল হোটেল এখন ক’ৰোনাৰ পৰীক্ষা কেন্দ্র হিচাপে গঢ়ি তুলিছে৷ লক্ষণীয়ভাৱে সকলো স্থানতে উদ্যোগ কাৰখানাবোৰত এতিয়া ক’ৰোনাক প্রতিহত কৰাৰ অঘোষিত যুদ্ধ আৰম্ভ হৈছে৷ এই ক’ৰোনা ভাইৰাছেই আমেৰিকাবাসীলৈ ১১ ছেপ্ঢেম্বৰৰ সন্ত্রাসবাদী আক্রমণৰ স্মৃতি কঢ়িয়াই আনিছে৷ লক্ষণীয়ভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন মার্কিন কোম্পানীয়ে অন্য সামগ্রী বাদ দি যুদ্ধৰ বাবে সঁজুলি নির্মাণত গুৰুত্ব দিবলগীয়া হৈছিল৷ ৰাষ্ট্রপতি ফ্রেংকলিন ৰুছভেল্টে শক্তিশালী শত্রুৰ বিৰুদ্ধে সকলোৱে যুদ্ধত অংশগ্রহণ কৰিলেহে বিজয় নিশ্চিত বুলি ঘোষণা কৰিছিল৷ একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল ব্রিটেইনত৷ টেংক, যুদ্ধ বিমানৰ বাবে সাজু কৰা হৈছিল সকলো কোম্পানীক ৷

You might also like