নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰে যুঁজিবলৈ পাকিস্তানলৈ সহায়ৰ হাত আমেৰিকাৰ 

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ অৰ্থসাহায্য বিচাৰি পাক প্ৰধানমন্ত্ৰী ইমৰান খানে সকলোৰে ওচৰত শৰণাপন্ন হোৱাৰ পাছতে পাকিস্তানলৈ সহায়ৰ হাত আগবঢ়াইছে আমেৰিকাই ।

ক’ৰোনাৰ বিৰুদ্ধে পাকিস্তানে যুঁজ দিবলৈ আমেৰিকাই ৮০ লাখ ডলাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য যে পাকিস্তানত ৭০০০ ৰো অধিক ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । যাৰে ভিতৰত ১৩০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে আমেৰিকাতো ক’ৰোনাৰ তাণ্ডৱ অব্যাহত আছে । আমেৰিকাত ৬.৮ লাখতকৈ অধিক লোকৰ এই ভাইৰাছৰ সংক্ৰমণ আৰু ৩৪,৭৩০ জন লোকৰ মৃত্যু ঘটিছে ।

You might also like