ক’ৰোনাৰ কালৰূপ শেষ নৌহওঁতেই এইবাৰ আহিল ‘হান্তা’
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ক’ৰোনাক লৈ বিশ্বজুৰি আতংক অব্যাহত থকাৰ সময়তে চীনৰ পৰা আহিছে পুনৰ এক ভয়ানক খবৰ । হান্তা নামৰ আন এক ভাইৰাছৰ কথা পোহৰলৈ অহাৰ পাচতেই এতিয়া আতংকিত হৈ পৰিছে সকলো । চীনৰ ইউনান প্ৰান্তত ইতিমধ্যে নতুনকৈ পোহৰলৈ অহা এই হান্তা ভাইৰাছৰ ফলত মৃত্যু হৈছে এগৰাকী লোকৰ । এখন বাছত যাত্ৰা কৰি থকাৰ সময়তে হান্তা ভাইৰাছত আক্ৰান্ত ৰোগীগৰাকীৰ মৃত্যুৰ পাচতেই স্বাস্থ্য পৰীক্ষা কৰোৱা আন সকলো যাত্ৰীৰে ।
ইফালে, হান্তা ভাইৰাছৰ এই তথ্য পোহৰলৈ অহাৰ পাচতেই একাংশই নিগনি ভক্ষণ কৰাৰ পাচত এই ভাইৰাছত আক্ৰান্ত হয় বুলি উল্লেখ কৰিছে । বৰ্তমানলৈকে হান্তা সন্দৰ্ভত কোনোধৰণৰ বিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই । ক’ৰোনাই বিশ্বত ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে হান্তা ভাইৰাছেও অনাগত দিনত মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি এতিয়া শংকিত হৈ পৰিছে বহুজন ।