নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত বিভিন্ন ৰাজ্যত লক ডাউন ঘোষণা কৰিছে । আজি এই সমগ্ৰ বিষয় সামৰি নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক টুইট কৰি এই কথা সদৰী কৰে । তেওঁ টুইটযোগে লিখিছে- “COVID 19 ৰ বৃদ্ধি পোৱা ঘটনাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ সামৰি আজি মই নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিম ।”

উল্লেখ্য যে দেশত মঙলবাৰ পৰ্যন্ত ৪৪৬ গৰাকী ৰোগীৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰাৰ লগতে এই ৰোগত আক্ৰান্ত হৈ ১০ গৰাকী লোকৰ মৃত্যু ঘটিছে ।

You might also like