নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাবেই জাপানৰে সম্পর্কৰ অৱনতি দক্ষিণ কোৰিয়াৰ

 নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ক’ৰোনাৰ সংক্রমণৰ আশংকা থকা দক্ষিণ কোৰিয়াৰ পৰা জাপান ভ্রমণ কৰা লোকসকলক ১৪ দিন পৃথকে ৰখাৰ নির্দেশ দিয়াৰ পিছতে টকিঅ’ প্রশাসনক ক্ষুৰধাৰ সমালোচনা কৰিছে দক্ষিণ কোৰিয়া চৰকাৰে ৷ উল্লেখনীয় যে দক্ষিণ কোৰিয়াৰ পৰা জাপান ভ্রমণ কৰা লোকসকলে ক’ৰোনাৰ বিস্তাৰ অধিক ক্ষিপ্রতৰ কৰিব পাৰে বুলি আশংকা কৰিয়েই জাপানে এই কঠোৰ সিদ্ধান্ত লৈছে ৷ জাপানৰ এই সিদ্ধান্তৰ পিছত দক্ষিণ কোৰিয়াই উল্লেখ কৰিছে যে দেশখনৰ নাগৰিকসকলৰ ভ্রমণৰ ক্ষেত্রত এইধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰিলে জাপানৰ নাগৰিকসকলৰ ক্ষেত্রতো অনুৰূপ ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ স্মর্তব্য যে চীনৰ পিছতে ক’ৰোনাৰ অধিক সংক্রমণ ঘটা দেশ হিচাপে চিহ্ণিত হৈছে জাপান, দক্ষিণ কোৰিয়া আৰু ইটালী ৷ ইফালে, বিশ্বজুৰি এই ভাইৰাছবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ইতিমধ্যে ৩০০০ অতিক্রম কৰিছে ৷

You might also like