নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাবে কানাডাত ২০ লাখ লোকে হেৰুৱালে চাকৰি

নিয়মীয়া বাৰ্তা, ১০ মে’ : ন’ভেল ক’ৰোনা ভাইৰাছে আমেৰিকাৰ লগতে কানাডাতো সৃষ্টি কৰিছে সংস্থাপনহীনতাৰ ৷ শেহতীয়া এক তথ্য মতে চলিত বর্ষৰ ফেব্রুৱাৰীৰ পৰা এপ্রিল মাহলৈকে কানাডাত প্রায় ২০ লাখ লোকে হেৰুৱাইছে কর্মসংস্থাপন ৷ কর্মহীনতাৰ হাৰ ১৫.৭ শতাংশলৈ বৃদ্ধি পালে ৷ চৰকাৰী সংস্থা ষ্টেটিষ্টিক্ছ কানাডাই চলোৱা এক সমীক্ষাত এই তথ্য প্রকাশ কৰিছে ৷ দেশখনত ক’ৰোনা ভাইৰাছৰ প্রভাৱত সংঘটিত এনে কর্মসংস্থাপনহীন অৱস্থা ২০০৮–২০০৯ বর্ষৰ অর্থনৈতিক মন্দাৱস্থাতকৈ অধিক ভয়ংকৰ ৷ ক’ভিড–১৯ৰ বাবে দেশখনত অর্থনৈতিক কার্যকলাপ বন্ধ হৈ যোৱাৰ বাবেই এনে অৱস্থাৰ সৃষ্টি হৈছে ৷ এপ্রিল মাহত ৩৬.৭ শতাংশ শ্রমিকে নিয়মিতভাৱে কাম কৰিব পৰা নাই৷ আনহাতে, প্রায় ৫০ লাখ লোকে ঘৰৰ পৰা কার্যালয়ৰ কাম অব্যাহত ৰাখিছে৷ এনে অর্থনৈতিক অচলাৱস্থাৰ মাজতে কানাডাৰ চৰকাৰে ৬ জুনত সমাপ্ত হ’বলগীয়া ৱেজ ছাবছিডি প্রগ্রেমৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷

You might also like