ক’ৰোনা প্ৰতিষেধকৰ প্ৰয়োগ আৰম্ভ চীনৰ
মৃত্যু উপত্যকালৈ পৰ্যবসিত হোৱা বিশ্বলৈ আশাৰ কিৰণ
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ড্ৰেগনৰ দেশত প্ৰাদুৰ্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)ৰ ভয়ংকৰ সংক্ৰমণে মৃত্যু উপত্যকালৈ পৰ্যবসিত কৰিছে সমগ্ৰ বিশ্বক । সম্প্ৰতি পৃথিৱীৰ ২১০ খন দেশ এই মাৰাত্মক ভাইৰাছৰ কবলত । খোদ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ ৰ সংক্ৰমণ সম্পূৰ্ণৰূপে প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰতিষেধক অৰ্থাৎ ভেকচিনেই একমাত্ৰ ভৰসা বুলি ইতিমধ্যে ঘোষণা কৰিছে । দেশে দেশে ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রতিষেধক আৱিষ্কাৰৰ বাবে গৱেষক–চিকিৎসা বিজ্ঞানীসকলে অব্যাহত ৰাখিছে নিৰন্তৰ গৱেষণা ৷ অৱশ্যে বর্তমানপর্যন্ত ‘অদৃশ্য শক্তি’ৰূপে চিহ্ণিত এই মহামাৰীক প্রতিৰোধ কৰিব পৰাকৈ গৱেষণাগাৰত কোনো সুনির্দিষ্ট সমাধান সূত্র উদ্ভাৱন হোৱা নাই৷ ইয়াৰ মাজতে উৎপত্তিস্থল চীনৰ পৰাই প্রাণঘাতী ভাইৰাছক প্রতিহত কৰাৰ বাবে বিশ্ববাসীলৈ আহিছে আশাৰ কিৰণ৷ চীনৰ ঝি জিনপিং চৰকাৰে ক’ভিড–১৯ৰ প্রতিষেধকৰ তিনিটাকৈ প্রস্তাৱক ‘ক্লিনিকেল ট্রায়েল’ত অনুমোদন জনাইছে ৷ বেইজিঙৰ দ্বাৰা পৰিচালিত সংবাদ পত্র ‘জিনহুৱা’ত দেশখনৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রালয়ৰ লগতে যৌথ ৰোগ প্রতিৰোধ–নিয়ন্ত্রণ পৰিষদৰ উদ্ধৃতিৰে প্রকাশ পাইছে এই গুৰুত্বপূর্ণ তথ্য ৷
এই সন্দর্ভত সংবাদ প্রতিষ্ঠান পিটিআইৰ বাতৰি মতে, পিপুল লিবাৰেচন আর্মী(পি এল এ)ৰ একাডেমী অৱ মিলিটেৰী ছায়েঞ্চেছৰ অন্তর্গত ইনষ্টিটিউট অৱ মিলিটেৰী মেডিচিনৰ মেজৰ জেনেৰেল ছেন ৱেই নেতৃত্বাধীন এটা গৱেষকৰ দলে উদ্ভাৱন কৰা প্রতিষেধকবিধক দ্বিতীয় পর্যায়ৰ ‘ক্লিনিকেল ট্রায়েল’ৰ অনুমতি প্রদান কৰা হৈছে৷ আন দুটা প্রতিষ্ঠান কেনছিন’ বায়ল’জিকেল আৰু বেইজিং ইনষ্টিটিউট অৱ বায়টেকন’ল’জীৰ সহযোগত চলোৱা গৱেষণাত আৱিষ্কাৰ হোৱা এই প্রতিষেধকবিধৰ প্রথম পর্যায়ৰ ‘ক্লিনিকেল ট্রায়েল’ ইতিমধ্যে যোৱা মার্চ মাহৰ শেষভাগত সম্পন্ন কৰা হৈছিল৷ দ্বিতীয় পর্যায়ৰ ‘ক্লিনিকেল ট্রায়েল’ত এই প্রতিষেধক মানৱ শৰীৰত প্রয়োগৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ যোৱা সোমবাৰে ৮৪ বছৰীয়া য়ুহান নিৱাসী জিয়ং জেংঝিং নামৰ লোকজনৰ দেহত প্রতিষেধকবিধ সফলতাৰে প্রয়োগ কৰা হয়৷ ‘জিনহুৱা’ৰ উদ্ধৃতিৰে পিটিআইৰ বাতৰিটোত উল্লেখ কৰা অনুসৰি এই ভাইৰাছবিধ জিনেটিক ইঞ্জিনীয়াৰিং পদ্ধতিৰে উদ্ভাৱন কৰা হৈছে ৷
ইফালে ঝি জিনপিং চৰকাৰে ‘ক্লিনিকেল ট্রায়েল’ৰ অনুমতি দিয়া আন দুটা প্রতিষেধক আৱিষ্কাৰ কৰিছে য়ুহানৰ ইনষ্টিটিউট অৱ বায়ল’জিকেল প্রডাক্ট্ছ আৰু বেইজিঙৰ চিন’ভেক বায়টেকে যুটীয়াভাৱে৷ ইতিপূর্বে ‘ছার্ছ’, ‘হেপাটাইটিছ–এ’ আৰু ‘ইনফ্লুৱেঞ্জা ভাইৰাছ’ (এইচ ৫ এন ১)ৰ প্রতিষেধক আৱিষ্কাৰৰ কথা চিন’ভেক বায়টেকে ঘোষণা কৰিছিল৷ ক’ভিড–১৯ৰ প্রতিষেধক আৱিষ্কাৰ সন্দর্ভত সংস্থাটোৰ মুখ্য কার্যবাহী বিষয়াজনে সদৰী কৰা অনুসৰি চীন চৰকাৰৰ ৰোগ প্রতিৰোধ আৰু নিয়ন্ত্রণ পৰিষদৰ পৃষ্ঠপোষকতাতে তেওঁলোকে গৱেষণা চলাইছিল৷ যদিহে ‘ক্লিনিকেল ট্রায়েল’ত সফলতা অর্জন কৰিব পৰা যায়, তেন্তে দ্রুতগতিত প্রাণঘাতী ভাইৰাছৰ প্রতিষেধক প্রস্তুতৰ কাম সম্ভৱ হৈ উঠিব৷ প্রতিবছৰে ১০ কোটিৰো অধিক টিকা উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দাবী কৰে৷ গুৰুত্বপূর্ণ কথাটো হ’ল দ্বিতীয় পর্যায়ৰ ‘ক্লিনিকেল ট্রায়েল’ৰ বাবে আৱিষ্কাৰ কৰা উক্ত তিনিওটা প্রতিষেধক লোৱাৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিছে চীনৰ ৫০০জনকৈ নাগৰিক৷ ইয়াৰ ভিতৰত অন্যতম য়ুহানৰ বাসিন্দা ৮৪ বছৰীয়া জিয়ং জেনঝিঙো৷ মানৱ শৰীৰৰ প্রতিষেধক প্রয়োগ প্রক্রিয়া সম্পন্ন কৰাৰ বাবে যোৱা দেওবাৰৰ পৰা এই ৫০০জন স্বেচ্ছাসেৱকৰ নথিপত্রত স্বাক্ষৰকে ধৰি প্রয়োজনীয় সকলো কাম আৰম্ভ কৰা হৈছে ৷
উল্লেখ্য যে যোৱা মার্চ মাহত আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থ আৰু ঔষধ প্রস্তুতকাৰী সংস্থা মডার্নাৰ লগতে ইন’ভা ফার্মাচিটিউকেলছে প্রস্তুত কৰা ক’ভিড–১৯ৰ প্রতিষেধক প্রথমবাৰৰ বাবে মানৱ শৰীৰত প্রয়োগ কৰা হৈছিল৷ এমআৰএনএ–১২৭৩ নামৰ এই প্রতিষেধকবিধৰ ‘ক্লিনিকেল ট্রায়েল’ বর্তমানেও প্রথম পর্যায়তে আছে৷ সম্প্রতি বিশ্বৰ বিভিন্ন দেশত ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রায় ৭০টা প্রতিষেধক উদ্ভাৱনক লৈ গৱেষণাই অগ্রগতি লাভ কৰিছে৷ কিন্তু ওপৰত উল্লেখ কৰা প্রতিষেধককেইটাহে ‘ক্লিনিকেল ট্রায়েল’ সম্পন্ন হৈছে বা হ’বলৈ গৈ আছে৷ বাকীকেইটা এতিয়াও ‘প্রি–ক্লিনিকেল ষ্টেজ’ত৷ লক্ষণীয়ভাৱে এই গৱেষণাত ভাৰতেও বহুখিনি সফলতাৰ দিশে আগবাঢ়িছে৷ তথ্য অনুসৰি ক’ভিড–১৯ৰ বিৰুদ্ধে বিশ্বৰ যুঁজখনত চামিল হৈ ভাৰতৰ ৬টাকৈ প্রতিষ্ঠানে অব্যাহত ৰাখিছে প্রতিষেধক আৱিষ্কাৰৰ নিৰন্তৰ গৱেষণা৷ এই সন্দর্ভত ফৰিদাবাদস্থিত ট্রেন্সলেচনেল হেল্থ ছায়েঞ্চ এণ্ড টেকন’ল’জী ইনষ্টিটিউটৰ কার্যবাহী সঞ্চালক জ্ঞানদীপ কঙে জানিবলৈ দিয়া মতে, জিডাছ কেডিলাই দুটা ছেৰাম ইনষ্টিটিউট, বায়ল’জিলেক ই, ভাৰত বায়’টেক, ইণ্ডিয়ান ইমিউন’ল’জিকেল্ছ আৰু মাইনভেক্সে এটাকৈ প্রতিষেধকক লৈ গৱেষণা চলাই আছে ৷
চিকিৎসা বিজ্ঞানীসকলে এই প্রসংগত প্রকাশ কৰা মতে, যিকোনো প্রতিষেধকৰ মানৱ দেহত পৰীক্ষা পর্ব শেষ কৰোঁতে অন্ততঃ ৬৫ দিনৰ প্রয়োজন হয়৷ তদুপৰি পৰীক্ষা সফল হ’লেও প্রতিষেধক বজাৰত উপলব্ধ হওঁতে দৰকাৰ হ’ব অন্ততঃ একৰ পৰা ডেৰ বছৰ৷ সেয়েহে গৱেষকসকলে সফলতা অর্জন কৰিলেও প্রতিষেধকেৰে প্রাণঘাতী ভাইৰাছৰ বিৰুদ্ধে চলাবলগীয়া যুঁজখনত যে আৰু কিছু সময়ৰ প্রয়োজন হ’ব, সেই কথা প্রায় নিশ্চিত৷ অতি শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ট্রেড্রছ এডানম গ্রেব্রিয়েছাছৰ মন্তব্যতে প্রতিষেধক অবিহনে ন’ভেল ক’ৰোনা ভাইৰাছক ৰোধ কৰাটো সম্ভৱ নোহোৱাটো স্পষ্ট হৈছে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কৈছিল যে বিশ্বৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে এতিয়া লকডাউনৰ কবলত৷ কিন্তু লকডাউন উঠাই ল’লেও মহামাৰীৰ তাণ্ডৱ অব্যাহত থাকিব৷ কিয়নো প্রতিষেধক অবিহনে ক’ভিড–১৯ক সম্পূর্ণৰূপে প্রতিহত কৰাটো অসম্ভৱ৷ অনুৰূপ মন্তব্য কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছেও৷ তেওঁ কৈছে যে এটা সুৰক্ষিত আৰু কার্যকৰী প্রতিষেধকেই হয়তো বিশ্বক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ লগতে লক্ষ লক্ষজনৰ জীৱন বচোৱাৰ একমাত্র ভৰসা হ’ব পাৰে৷ এনে অৱস্থাত স্বাভাৱিকতে সকলোৱে আশাৰে বাট চাইছে বিশ্বৰ বিভিন্ন প্রান্তৰ গৱেষণাগাৰত চলি থকা গৱেষণাৰ বাস্তৱ তথা ফলপ্রসূ সমাধানলৈ ৷