ক’ৰোনা ভাইৰাছঃ বিশ্ব স্বাস্থ্য সংস্থালৈ চীনৰ ২ কোটি ডলাৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছত জৰ্জৰিত ৰঙা চীন । প্ৰায় নব্বৈ হাজাৰ লোকৰ দেহত সংক্ৰমিত হোৱা ক’ৰোনাত মৃত্যুবৰণ কৰিছে দেশখনৰ ৩ হাজাৰৰো অধিক লোকে । চীনৰ য়ুহান, বেইজিং আৰু ফুজিয়ান চহৰত ক’ৰোনাই লৈছে মাৰাত্মক লোক । বহিঃবিশ্বৰ সৈতে এতিয়া যেন ব্যাহত হৈ পৰিছে দেশখনৰ সংযোগ ।
চীনৰ পৰা উৎপত্তি হোৱা ক’ৰোনাই এতিয়া বিশ্বত সৃষ্টি কৰিছে সন্ত্ৰাসৰ । ইয়াৰ মাজতেই বিশ্বক ক’ৰোনাৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে চীনে আনিছে আশাৰ বাৰ্তা । বিশ্ব স্বাস্থ্য সংস্থাক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ চলাবলৈ চীনে ২ কোটি ডলাৰ সাহাৰ্যৰ দিয়াৰ কথা ঘোষণ কৰিছে ।
বিশ্বৰ ৯৮ খন দেশলৈ বিয়পিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । অধিক দেশতেই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ এতিয়া অভাৱ উপযুক্ত চিকিৎসা পদ্ধতিৰ । সেই সকলো দেশতে চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰি তোলাৰ বাবে চীনে বিশ্ব স্বাস্থ্য সংস্থাক ২ কোটি ডলাৰ প্ৰদান কৰাৰ আশ্বাস দিছে । ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিচালন সঞ্চালক টেড্ৰছ আধানমৰ নেতৃত্বত ক’ৰোনা প্ৰভাৱিত অঞ্চলত ক্লান্তিবিহীনভাৱে চলি আছে চিকিৎসা ।
বৰ্তমানলৈকে বিশ্বত ৩৪৫৬ গৰাকী লোকৰ মৃত্যু হৈছে ক’ৰোনা ভাইৰাছত । চীন , ইৰান, ইটালী আৰু দক্ষিণ কোৰিয়াত বিশ্বৰ ভিতৰতে আক্ৰান্ত হৈছে সৰ্বাধিক লোক । ভাৰতত বৰ্তমানলৈকে ৪০ জন লোক এই ভাইৰাছৰ ফলত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । ইয়াৰে বেছিসংখ্যক বিদেশী পৰ্যটক অথবা বিদেশ ভ্ৰমণ কৰি স্বভূমিলৈ উভতি অহা লোক ।