ক’ৰোনা ভাইৰাছঃ চিকিৎসাৰ বাবে ৬ সম্ভাব্য ঔষধ চিনাক্ত
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ মহামাৰী ক’ভিড-১৯ৰ ৰোগীক সুস্থ কৰি তুলিবলৈ কি ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব তাক লৈ চলাই থকা গৱেষণাত শেহতীয়াকৈ সু-বাৰ্তা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলে দহ হাজাৰতকৈ অধিক যৌগৰ পৰীক্ষণৰ অন্তত ৬বিধ ঔষধৰ দ্বাৰা ক’ভিড-১৯ ৰোগীক সুস্থ কৰিব পৰা যাব বুলি দাবী কৰিছে। জাৰ্নেল নেচাৰত প্ৰকাশিত বিজ্ঞানীৰ প্ৰতিবেদনৰ মতে গৱেষণাগাৰত পৰীক্ষাৰ অন্তত এই ৬ সম্ভাৱ্য ঔষধ ইতিমধ্যে ক’ভিড-১৯ আক্ৰান্ত ৰোগীক ব্যৱহাৰৰ অনুমতি দিছে। গৱেষকৰ মতে ক’ভিড-১৯ ভাইৰাছ এনজাইম এমপ্ৰ’ই ভাইৰাছটো সম্প্ৰসাৰিত কৰাত প্ৰধান ভূমিকা লয়। কাৰ্ডিঅ’ভাছকুলাৰ ডিজিজ, আৰ্থাৰইটিজ, ষ্ট্ৰোক, এথেৰ’ছ ক্লেৰ’ছি’ছ আৰু কৰ্কটৰ লেখীয়া ৰোগক নিয়ন্ত্ৰণ কৰি ৰখা ৬ ঔষধৰ দ্বাৰাই ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যাব বুলি বিজ্ঞানীয়ে প্ৰতিবেদনত প্ৰকাশ কৰিছে।