ক’ৰোনা ভাইৰাছৰ প্রভাৱঃ বিশ্বৰ বিমান পৰিবহণত ১১৩ বিলিয়ন ডলাৰ লোকচানৰ সম্ভাৱনা!
নিয়মীয়া বাৰ্তা, ৮মার্চঃ ক’ৰোনা ভাইৰাছৰ যদি ক্রমাগতভাৱে বিশ্বৰ বিভিন্ন প্রান্তলৈ সংক্রমণ অব্যাহত থাকে, তেন্তে অতি কম সময়ৰ ভিতৰত আন্তঃৰাষ্ট্রীয় বিমান পৰিবহণ বাণিজ্যই ১১৩ বিলিয়ন আমেৰিকান ডলাৰ লোকচান ভৰিব লাগিব৷ এই মন্তব্য কৰিছে ইণ্টাৰনেচনেল এয়াৰ ট্রেন্সপ’ট এছ’চিয়েচন চমুকৈ এ আই টি এই ৷ এই লোকচানৰ পৰিমাণ ২০০৮ চনত সংঘটিত বিশ্ব মন্দাৱস্থাৰ সময়ত হোৱা লোকচানৰ সমপৰিমাণৰ হ’বগৈ৷ সংস্থাটোৱে জনোৱা মতে, এই ভাইৰাছৰ সংক্রমণ বন্ধ নহ’লে তেওঁলোকৰ ব্যৱসায়ত ১৯ শতাংশ লোকচান ভৰিব৷ দুটা সপ্তাহ পূর্বে আই এ টি এই এই লোকচানৰ পৰিমাণ ৩০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰিছিল৷ ক’ৰোনা ভাইৰাছৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে ইউৰোপ আৰু এছিয়াৰ বিমান পৰিবহণ৷ এছিয়া পেচিফিক অঞ্চলতে বিমান পৰিবহণে বিক্রীৰ ক্ষেত্রত ৫৮ বিলিয়ন ডলাৰ লোকচান ভৰিবলগীয়া হৈছে৷ যদি এই ভাইৰাছৰ সংক্রমণ ৰোধ কৰিব পাৰি, তেন্তে লোকচানৰ পৰিমাণ ৬৩ বিলিয়ন ডলাৰত সীমাবদ্ধ কৰিব পৰা যাব৷