নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰাঙৰ বিভীষিকা বন্য জন্তুৰ বধ্যভূমিত পৰিণত কেনিয়া

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: আফ্রিকান ৰাষ্ট্র কেনিয়াত গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ প্রভাৱ পৰিছে৷ চাৰি দশক পিছত দেশখনত নজিৰবিহীন খৰাং পৰিস্থিতিৰ বাবে কেনিয়াৰ অৰণ্যবোৰ এতিয়া শুকাই যাব ধৰিছে৷ দীর্ঘদিন ধৰি অনাবৃষ্টিয়ে বিভীষিকাৰ সৃষ্টি কৰিছে দেশখনত৷ খৰাং পৰিস্থিতিৰ বাবে দেশখনৰ অৰণ্যত অসংখ্য পশু–পক্ষীৰ মৃত্যু হৈছে৷ কেনিয়াৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্রীয় উদ্যান আম্বোছেলিত বিগত সময়ছোৱাত তৃষ্ণার্ত বহু জন্তুৰ মৃত্যু হৈছে৷ সংবাদ সংস্থা বি বি চিৰ প্রতিবেদন অনুসৰি কেনিয়াৰ অৰণ্যত এতিয়া ক্ষুধা আৰু তৃষ্ণাৰ বাবেই প্রাণ হেৰুৱাবলগীয়া হৈছে হাজাৰ হাজাৰ পশু–পক্ষীয়ে৷ বন সুৰক্ষা বিষয়াই বি বি চিক জনোৱা অনুসৰি প্রতিদিনে আম্বোছেলি ৰাষ্ট্রীয় উদ্যানত হাতী, জেব্রা, ম’হৰ মৃত্যু হৈ আছে৷ আনকি অৰণ্যৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছে খাদ্য আৰু খোৱাপানীৰ অভাৱত প্রাণ হেৰুওৱা জন্তুবোৰৰ মৃতদেহ৷ প্রতিদিনে এনেদৰে তিলতিলকৈ জন্তুবোৰে মৃত্যুক সাবটি লোৱা দৃশ্য প্রত্যক্ষ কৰিবলগীয়া হৈছে স্থানীয় লোকসকলে৷ এগৰাকী বন সুৰক্ষকে উল্লেখ কৰা অনুসৰি অতি কৰুণভাৱে অৰণ্যৰ জন্তুবোৰে মৃত্যুক সাবটি লোৱা দৃশ্য প্রত্যক্ষ কৰাৰ বাহিৰে চৰকাৰে একো ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ দেশখনৰ পর্যটন মন্ত্রণালয়ে সদৰী কৰা অনুসৰি অনাবৃষ্টিৰ ফলত এতিয়ালৈকে আম্বোছেলি ৰাষ্ট্রীয় উদ্যানত ২০৫টা হাতী, ৫০০ বল্গা হৰিণ, ৪০০ জেব্রা আৰু ৫০টা ম’হৰ মৃত্যু হৈছে৷ বাকী অঞ্চলত পৰিস্থিতি অধিক ভয়াৱহ বুলি সদৰী কৰিছে মন্ত্রণালয়ে৷

You might also like