চন্দ্রলৈ প্রথম ভ্রাম্যমাণ ৰৱট ‘ভাইপাৰ’ প্রেৰণ কৰিব নাছাই
নিয়মীয়া বাৰ্তা, ২৩ মেঃ মহাকাশ অভিযানৰ আন এক গতি দি আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই চন্দ্রৰ দক্ষিণ মেৰুলৈ প্রেৰণ কৰিব ৰ’ভাৰ ভাইপাৰ৷ ২০২৩ চনৰ শেহলৈ চন্দ্রত অৱতৰণ কৰিব প্রথম ভ্রাম্যমাণ ৰবট৷ আটেমিষ্ট কার্যসূচীৰ অংশ হিচাপে ভোটা টাইলছ ইনভেষ্টিগেটিং প’লাৰ এক্সপ্ল’ৰেচন ৰ’ভাৰ চমুকৈ ভাইপাৰ চন্দ্রলৈ প্রেৰণ কৰি নাছাই পৃথিৱীৰ উপগৃহটো দক্ষিণ মেৰুৰ পৰিৱেশ–পৰিস্থিতিৰ ওপৰত অধ্যয়ন চলাব৷ নাছাৰ প্লেনেটেৰী ছায়েঞ্চ ডিভিজনৰ সঞ্চালক ল’ৰি ব্লেজে প্রকাশ কৰা মতে, চন্দ্রলৈ ৰ’ভাৰ ভাইপাৰ প্রেৰণ কৰাৰ সমান্তৰালকৈ চন্দ্রলৈ প্রথমবাৰৰ বাবে মহিলা মহাকাশচাৰী প্রেৰণৰো পৰিকল্পনা সম্পূর্ণ কৰি তুলিছে৷ ২০২৩ৰ শেহৰ ফালে চন্দ্রৰ দক্ষিণ মেৰুত প্রথম ভ্রাম্যমাণ ৰবট অৱতৰণ কৰোৱাৰ পিছত নাছাই সেই ৰবটৰ সহায়ত উপগ্রহটোৰ ভূ–পৃষ্ঠৰ পৰিৱেশ বিৱর্তনৰ লগতে বৰফৰ সন্ধান চলাব৷
উল্লেখ্য যে ১৯৭২ চনত প্রথমবাৰৰ বাবে চন্দ্রৰ ভূপৃষ্ঠত মানৱে অৱতৰণ কৰি উভতি অহাৰ অভিলেখ নাছাই গঢ়াৰ পিছত এই অভিযানেৰে আন এক অভিলেখ গঢ়াৰ পৰিকল্পনা চলাইছে৷ চন্দ্রত ৰ’ভাৰ ভাইপাৰ অৱতৰণ কৰোৱাৰ কার্যসূচী ২০১৮ চনৰ প্রাৰম্ভতে নির্ধাৰিত কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল৷ নাছাৰ সূত্রত প্রকাশ কৰা মতে চন্দ্রপৃষ্ঠৰ অধিকতকৈ অধিক তথ্য সংগ্রহৰ লগতে বিজ্ঞানৰ সক্ষমতা বৃদ্ধি কৰাৰ বাবেই ভাইপাৰৰ কার্যসূচী বিলম্ব কৰা হৈছে৷ চন্দ্রত কাহানিও নেদেখা কিছুমান ৰহস্য এই অভিযানৰ জৰিয়তে নাছাই উদ্ঘাটন কৰিবলৈ সক্ষম হ’ব বুলি নাছাই আশা ব্যক্ত কৰিছে৷