মহামাৰীৰ সংহাৰৰ সময়তে চীনৰ নতুন মেপত সোমাল অৰুণাচল
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সমগ্র বিশ্বই ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে একত্রিত সংগ্রাম অব্যাহত ৰখাৰ সময়তে ভাৰতৰ দুই চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে অব্যাহত ৰখা কিছুমান কর্মকাণ্ডই বিতর্কৰ সৃষ্টি কৰিছে৷ চীনে নতুনকৈ প্রকাশ কৰা দেশখনৰ মেপত অৰুণাচল প্রদেশক অন্তর্ভুক্ত কৰা কার্যই ভাৰতত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ প্রকাশ কৰা ‘স্কাই’ মেপখনৰ সালসলনিৰে চীনৰ আন্তঃৰাষ্ট্রীয় সীমাৰ মাজত সন্নিৱিষ্ট কৰা হৈছে অৰুণাচল প্রদেশক৷ উল্লেখ্য যে দীর্ঘদিনৰ পৰা চীনে ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচলক নিজ দেশৰ অধীনৰ বুলি দাবী কৰি আহিছে আৰু মাজে–সময়ে সীমান্তত অপ্রীতিকৰ পৰিস্থিতিৰো সৃষ্টি কৰিছে৷ অৰুণাচল প্রদেশ ১৯১৩–১৪ চনৰ পৰাই ব্রিটিছ শাসনাধীন ভাৰতৰ অন্তর্ভুক্ত হৈ আছে আৰু ১৯৩৮ চনত ভাৰত–তিব্বতৰ মাজত মেকমোহন লাইন স্থাপন হোৱাৰ পৰা সীমাও নির্ধাৰিত হৈছে৷ কিন্তু ১৯৫১ চনত চীনে তিব্বতক নিজৰ অধীনলৈ অনাৰ পাছত তিব্বতৰ অংশ হিচাপে অৰুণাচলৰ অধিকাৰ দাবী কৰি আহিছে৷ শেহতীয়াকৈ বেইজিঙৰ নেচনেল ছার্ভেয়িং এণ্ড মেপিং জিঅ’গ্রাফিক ইনফৰমেচন ব্যুৰ’ৱে প্রকাশ কৰা ডিজিটেল মেপত চীনৰ সীমাত অৰুণাচলক অন্তর্ভুক্ত কৰা কার্যৰ ভাৰত চৰকাৰে কিদৰে প্রত্যুত্তৰ দিয়ে, সেয়া লক্ষণীয় হ’ব৷
ইফালে, ভাৰতৰ বিৰুদ্ধে প্রতি মুহূর্ততে সন্ত্রাসবাদী কার্যকলাপত ইন্ধন যোগাই অহা পাকিস্তানে এইবাৰ সন্ত্রাসবাদীৰ তালিকাৰ পৰাই কর্তন কৰিলে সহস্রাধিকৰ নাম৷ সন্ত্রাসবাদী ৰূপে নাম কর্তন কৰা এই তালিকাত আছে ২০০৮ চনৰ মুম্বাই আক্রমণৰ মাষ্টাৰমাইণ্ড আৰু লস্কৰ–ই–তৈবাৰ অপাৰেচন কমাণ্ডাৰ জাকি–উৰ–ৰেহমান লাখভিৰ নাম৷ পাকিস্তানৰ নেচনেল কাউণ্টাৰ টেৰৰিজম অথ’ৰিটী অর্থাৎ নেক্টাই প্রকাশ কৰে এই সন্ত্রাসবাদী চিনাক্তকৰণৰ তালিকাখন৷ ২০১৮ চনত সন্ত্রাসবাদীৰ এই তালিকাত আছিল ৭,৬০০জন সদস্যৰ নাম৷ যোৱা ১৮ মাহত পাকিস্তানে ৩,৮০০ সন্ত্রাসবাদীৰ নাম কর্তন কৰিলে৷ নিউয়র্কস্থিত এটা টেকন’লজী কোম্পানীৰ প্রতিবেদনত এই তথ্য প্রকাশ হৈছে৷ কেষ্টেলাম নামৰ এই কোম্পানীটোৰ মতে যোৱা মার্চ মাহৰ আৰম্ভণিতেই পাকিস্তানে তালিকাৰ পৰা ১,৮০০ সন্ত্রাসবাদীৰ নাম নোহোৱা কৰিছিল৷ উল্লেখ্য যে পাকিস্তানে ভাৰতৰ ভূমিত অস্থিৰতাৰ সৃষ্টিৰ বাবে প্রতিমুহূর্ততে সন্ত্রাসবাদী সংগঠনসমূহক অস্ত্র আৰু ধনৰ যোগানেৰে সহায় কৰি আহিছে৷