ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতৰ শৃংগত ত্ৰিৰংগা
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ এক অভূতপূৰ্ব দৃশ্যৰ সাক্ষী হ’ল সমগ্ৰ বিশ্ব । ছুইজাৰলেণ্ডৰ সৰ্বোচ্ছ পৰ্বতত লাইটৰ সহায়েৰে আলোকিত হ’ল ভাৰতীয় ত্ৰিৰংগা । ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতৰ মেটাৰহৰ্ণ শৃংগত ত্ৰিৰংগা আলোকিত কৰি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বকে এক হৈ যুঁজিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে ছুইজাৰলেণ্ডৰ শিল্পী গেৰি হফছটেটাৰে ১৪,৬৯০ ফুট উচ্চাতাৰ শৃংগত বিভিন্ন দেশৰ পতাকা প্ৰদৰ্শন কৰে ।
ছুইজাৰলেণ্ডৰ শিল্পী গেৰি হফছটেটাৰে কয় যে এতিয়া সমগ্ৰ বিশ্বই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছে । তেওঁলোকৰ সেই কাৰ্যক সাহস দিবলৈ এনেদৰে কৰা প্ৰদৰ্শনীতকৈ শ্ৰেষ্ঠ আৰু একো হ’ব নোৱাৰে ।
ইপিনে ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰদৰ্শনীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি টুইটাৰযোগে লিখে- “ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি সকলো এতিয়া একত্ৰিত হৈছো। এই যুঁজখনত মানৱতাৰেই জয় হ’ব ।”
The world is fighting COVID-19 together.
Humanity will surely overcome this pandemic. https://t.co/7Kgwp1TU6A
— Narendra Modi (@narendramodi) April 18, 2020