দঃ কোৰিয়াৰ গৱেষণাগাৰত ‘কৃত্রিম সূর্য’
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ সূর্যৰ প্রচণ্ড তাপমাত্রা সাধাৰণ জনতাৰ কল্পনাৰ অগোচৰ৷ সূর্যৰ তাপমাত্রাৰ ফলতে পৃথিৱীবাসীয়ে জীৱন যাপন কৰাৰ উপাদানসমূহ লাভ কৰি আহিছে৷ সৌৰজগতৰ এই নক্ষত্র সূর্যৰ তাপমাত্রাক লৈ গৱেষণা চলাই থকা বিজ্ঞানীসকলে কৃত্রিম সূর্য সাজি সূর্যৰ তাপমাত্রাক অধ্যয়নৰ প্রচেষ্টা চলাই আহিছে৷ শেহতীয়াভাৱে দক্ষিণ কোৰিয়াই কৃত্রিম সূর্য গৱেষণাগাৰত প্রস্তুত কৰি ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ এই ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা দক্ষিণ কোৰিয়াৰ বিজ্ঞানীয়ে গৱেষণাগাৰত ২০ ছেকেণ্ড ধৰি বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷ কৃত্রিম সূর্য সৃষ্টি কৰি তাপমাত্রা বিকিৰণৰ ই এক দীঘলীয়া সময় অর্থাৎ ২০ ছেকেণ্ড তাপমাত্রা বর্তাই ৰখাটো বিজ্ঞানীৰ বাবে নতুন অভিলেখ৷
দক্ষিণ কোৰিয়াৰ পদার্থ বিজ্ঞানীয়ে ছুপাৰ কণ্ডাক্টণ্টিং ডিভাইছ যাক কোৰিয়াৰ কৃত্রিম সূর্য অভিহিত কৰি গৱেষণা চলাই আহিছে, কোৰিয়া ছুপাৰ কণ্ডাক্টণ্টিং টোকামার্ক এডভান্স ৰিছার্চ চমুকৈ কেষ্টাৰ দ্বাৰা পদার্থ বিজ্ঞানীসকলে বিলয় ঘটাই ১০০ নিযুত ডিগ্রী তাপমাত্রা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ এই কৃত্রিম সূর্যৰ বিকিৰিত তাপমাত্রা তুলনামূলক দৃষ্টিত প্রকৃত সূর্যতকৈও বেছি৷ কিয়নো প্রকৃত সূর্যই ১৫ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রাহে বিকিৰণ কৰে৷
উল্লেখ্য যে দক্ষিণ কোৰিয়াৰ পদার্থ বিজ্ঞানীসকলে গৱেষণাগাৰত কৃত্রিম সূর্যৰ তাপমাত্রা ১০০ নিযুত ডিগ্রী চেলছিয়াছ ২০ ছেকেণ্ড ধৰি বিকিৰণ কৰি নতুন অভিলেখ গঢ়াৰ পাছত ২০২৫ চনৰ ভিতৰত এই সময় ৩০০ ছেকেণ্ড কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ কেষ্টাৰে চিউল ৰাষ্ট্রীয় বিশ্ববিদ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সৈতে মিলিত হৈ কোৰিয়ান ইনষ্টিটিউট অৱ ফিউজন এনার্জীত যোৱা ২৪ নৱেম্বৰত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ কেষ্টাৰ গৱেষণা কেন্দ্রৰ সঞ্চালক চি–ৱু য়ুনে প্রকাশ কৰা মতে কেষ্টাৰে প্লাজমাৰ উচ্চ তাপমাত্রা ২০ ছেকেণ্ডলৈ ধৰি ৰাখিব পৰা অত্যাধুনিক প্রযুক্তি গঢ়িবলৈ সক্ষম হৈছে৷ প্লাজমা হৈছে নিউক্লিয়েৰ ফিউজন ৰিয়েক্টৰৰ এটি জটিল উপাদান৷ এই প্লাজমাৰ তাপমাত্রা উচ্চ প্রযুক্তিৰ দ্বাৰা বৃদ্ধি কৰিবলৈ কেষ্টাৰ সক্ষম হৈছে৷ তাৎপর্যপূর্ণ যে ইয়াৰ পূর্বে ২০০৮ চনত কেষ্টাৰে প্রথমবাৰৰ বাবে প্লাজমাৰ তাপমাত্রা ১০০ নিযুত ডিগ্রী বিকিৰণ কৰিবলৈ সক্ষম হৈছিল যদিও ই মাত্র ১.৫ ছেকেণ্ডলৈহে আছিল৷ তেওঁলোকৰ সেই সময়ত লক্ষ্য আছিল ৮ ছেকেণ্ডৰ বাবে উল্লিখিত তাপমাত্রা বর্তাই ৰখাটো৷ কিন্তু উক্ত বর্ষত সেয়া সম্ভৱ নহ’ল৷
বিগত ১২ বছৰ ধৰি চলাই থকা অধ্যয়ন–গৱেষণাৰ অন্তত যোৱা ২৪ নৱেম্বৰত কেষ্টাৰে ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা ২০ ছেকেণ্ডলৈ ধৰি ৰাখিবলৈ সক্ষম হৈ নতুন কৃতিত্বৰ অধিকাৰী হয়৷ মন কৰিবলগীয়া যে বিগত মাহত চীনেও কৃত্রিম সূর্যৰ সৃষ্টি কৰি ১৫০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা বিকিৰণ ঘটাবলৈ সক্ষম হোৱা বুলি চর্চিত হৈছিল৷ ইয়াৰ পূর্বে চীনে ২০১৮ চনত হেফেইৰ ইনষ্টিটিউট অৱ প্লাজমা ফিজিক্সত ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা ১০ ছেকেণ্ডৰ বাবে ধৰি ৰাখিবলৈ সক্ষম হোৱা বুলি বাতৰিত প্রকাশ পাইছিল৷