নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ দুর্যোগত গ’ল্ফ খেলিছে ট্রাম্পে

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত প্রায় এক লাখ লোকে দেশত প্রাণ দিয়াৰ পাছতো আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ব্যক্তিগত দৈনন্দিন কাম–কাজৰ ৰুটিন সলনি হোৱা নাই৷ প্রাণঘাতী ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত ইতিমধ্যে ব্যর্থ হোৱা বুলি ট্রাম্পৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ দেশৰ চিকিৎসা বিজ্ঞানীসকলৰ এই অভিযোগৰ মাজতে কালি ৰাষ্ট্রপতি ট্রাম্পক গ’ল্ফ খেলি থকা দেখিবলৈ পোৱা গ’ল৷ দেশৰ এই জটিল সন্ধিক্ষণত ৰাষ্ট্রপতিগৰাকীয়ে কেনেদৰে গ’ল্ফ ক্লাবত অৱসৰ বিনোদন কটাবলৈ সুযোগ পালে তাক লৈ সৰৱ চর্চা চলিছে সংবাদ মাধ্যমত৷ স্মর্তব্য যে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে মার্চ মাহত আমেৰিকাত ৰাষ্ট্রীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল৷ মার্চৰ পাছত প্রথমবাৰলৈ হোৱাইট হাউছৰ পৰা ৰাষ্ট্রপতিগৰাকীয়ে ট্রাম্প নেচনেল গ’ল্ফ ক্লাবত কালি উপস্থিত হোৱা পৰিলক্ষিত হয়৷ লগে লগে ট্রাম্পৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সংবাদ মাধ্যম৷ স্মর্তব্য যে যোৱা ৮ মার্চত ফ্ল’ৰিডাৰ ৱেষ্ট পাল্ম বীচ্চত থকা গ’ল্ফ ক্লাবত উপস্থিত হৈছিল ট্রাম্প৷ ইয়াৰ পাছৰে পৰা অৱশ্যে নেতাগৰাকীয়ে বিগত দুটা মাহত গ’ল্ফ ক্লাবৰ পৰা আঁতৰি আছিল৷

You might also like