নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাই গ্ৰাস কৰিব ভাৰতৰ ৪০ কোটি শ্ৰমিকক

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ যোৱা তিনিমাহ ধৰি ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বত যিদৰে মৃত্যুৰ কিৰীলি তুলিছে , তাৰ ফলত কেৱল হাজাৰ হাজাৰ মানুহৰ জীৱন হানি হোৱাই নহয়, বিশ্বৰ অৰ্থনীতিতো মোক্ষম আঘাত হানিছে । ৰাষ্ট্ৰসংঘই চলোৱা এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবেই ভাৰতৰ প্ৰায় ৪ কোটি (৪০০ নিযুত) শ্ৰমিক দৰিদ্ৰতাত ডুব যাব । কেৱল সেয়াই নহয়, এই মহামাৰীয়ে বিশ্বৰ ৩৩০ কোটি(৩.৩ বিলিয়ন) লোকৰ কৰ্মসংস্থাপন সংকুচিত কৰিব । আনহাতে প্ৰায় ২০ কোটি চাকৰিয়ালৰ জীৱনলৈ ভাবুকি আহিব । আনহাতে প্ৰায় ২০কোটি চাকৰিয়ালৰ জীৱনলৈ ভাবুকি আহিব । ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই এই মহামাৰীক দ্বিতীয় বিশ্বযুদ্ধতকৈও গুৰুতৰ গোলকীয় সংকট আখ্যা দিছে । উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ সকলো দেশৰে শ্ৰমিক আৰু ব্যৱসায়ীসকল বৰ্তমান অতি সংকটত পৰিছে । আমি অত্যন্ত ক্ষিপ্ৰতাৰে একগোট হ’ব লাগিব । সঠিক, জৰুৰী উপায়ে অস্তিত্ব আৰু পতনৰ মাজত ব্যৱধান আনিব পাৰে । আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ সচিবপ্ৰধান জি ৰাইডাৰে এইদৰে কয় । প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ ২ কোটি লোক, যিসকলে অসংগঠিত খণ্ডত প্ৰধানকৈ উন্নয়নশীল অৰ্থনীতিৰ সৈতে জড়িত তেওঁলোক অত্যন্ত সংকটৰ গৰাহত । প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ইতিমধ্যে বিশ্বৰ এক কোটি অসংগঠিত খণ্ডৰ শ্ৰমিক আক্ৰান্ত হৈছে । ভাৰত , নাইজেৰিয়া আৰু ব্ৰাজিলৰ অনানুষ্ঠানিক কণ্ডত জড়িত শ্ৰমিকসকল লকডাউন আৰু অৱৰুদ্ধকৰণৰ বাবে সংকটজনক পৰিস্থিতিৰ সন্মুখীন হৈছে । উল্লেখ্য যে, ভাৰতৰ প্ৰায় ৯০ শতাংশ লোকেই অনানুষ্ঠানিক অৰ্থনীতিৰ সৈতে জড়িত । বৰ্তমান চলি থকা ক’ৰোনা সংকটৰ বাবে ভাৰতৰ প্ৰায় ৪০ কোটি শ্ৰমিক সংকটত পৰিব আৰু তেওঁলোকক দৰিদ্ৰতাই গ্ৰাস কৰিব ।

You might also like