নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰৰ বাবে মোডী চৰকাৰে লোৱা পদক্ষেপক WHOৰ প্ৰশংসা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ শৃংখল ভংগ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ সময়ত ক্ষতিৰ সন্মুখীন হোৱা দৰিদ্ৰ লোকৰ কাৰণে মোডী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেয়েছাছে টুইটযোগে লকডাউনৰ সময়ত দুখীয়া লোকক চৰকাৰে খাদ্য যোগান, নগদ ধন লেনদেন আৰু বিনামূলীয়া গেছ যোগান ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰিছে । ইতিপূৰ্বে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰা বিশ্ব স্বাস্থ্য সংস্থাই দৰিদ্ৰ লোকৰ বাবে গ্ৰহণ কৰা সহায়ক প্ৰশংসা কৰি কয় যে, ক’ভিড-১৯ সংকটৰ সময়ত বৃহৎ জনসংখ্যাৰ দেশখনৰ ঘৰতে আবদ্ধ হৈ থকা লোকসকলৰ বাবে চৰকাৰে ২৪ বিলিয়ন মাৰ্কিন ডলাৰ পেকেজ ঘোষণা কৰিছে ।

লক্ষণীয় যে, ৮০০ নিযুত লোকলৈ বিনামূলীয়া খাদ্য, ২০৪ নিযুত দুখীয়া মহিলাক নগদ ধন প্ৰদান, ৮০ নিযুত পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰাটো চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ বুলি আন এক টুইটত কয় মুৰব্বীগৰাকীয়ে । উল্লেখ্য যে, ২১ দিনীয়া লকডাউনৰ সময়ত দেশৰ দুখীয়াৰ লগতে মধ্যবিত্তক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে ১.৭ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোনো লোকে ভোকত থাকিব নালাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ আঁচনিৰ অধীনত উল্লিখিত পেকেজ ঘোষণা কৰিছিল ।

You might also like