নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নক্ষত্রৰ বিস্ফোৰণত পৃথিৱীতো সৃষ্টি হ’ব বিপর্যয়

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: মহাকাশত প্রতিটো ক্ষণতে বিভিন্ন পৰিঘটনা চলি আছে৷ পৃথিৱীৰ এটা কোণত বহি মহাবিশ্বত সংঘটিত এই পৰিঘটনাবোৰৰ ১ শতাংশও মানুহে দেখিবলৈ নাপায়৷ শক্তিশালী দূৰবীণত নজৰ ৰাখি, গৱেষণা পত্রৰ পৃষ্ঠা লুটিয়াই কিছু কিছু মহাজাগতিক পৰিঘটনা সন্দর্ভত মানুহে জানিবলৈ সক্ষম হৈছে৷ কিন্তু সিংহভাগেই এতিয়াও মানুহৰ বাবে অজানা হৈ আছে৷ মহাকাশ বিজ্ঞানীসকলে কেতিয়াবা নক্ষত্র বা তৰাৰ মৃত্যুৰ খবৰ দিয়ে৷ পৃথিৱীত বহিয়েই মহাকাশ বিজ্ঞানীসকলে জানিবলৈ সক্ষম হৈছে কোন প্রান্তত, কিমান আলোকবর্ষ নিলগত তীব্র বিস্ফোৰণত ফাটি পৰিছে কোনো নক্ষত্র, কোন নক্ষত্রৰ অপমৃত্যু ঘটিছে৷ এইবাৰ গৱেষণাই মানুহৰ বাবে কঢ়িয়াই আনিছে উদ্বেগ৷ নক্ষত্রৰ এই মৃত্যুৰ ফলত প্রভাৱ পৰিব পাৰে পৃথিৱীৰ ওপৰতো৷ সতর্ক কৰিছে বিজ্ঞানীসকলে৷ গৱেষণাৰ জৰিয়তে বিজ্ঞানীসকলে জানিবলৈ সক্ষম হৈছে যে কোনো নক্ষত্রৰ বিস্ফোৰণৰ ফলত তাৰ অস্তিত্ব বিলুপ্ত হ’লেও মহাকাশত বিভিন্ন প্রভাৱ পৰিব পাৰে৷ নক্ষত্রৰ এনে বিস্ফোৰণ বা মৃত্যুৰ প্রভাৱ ১৬০ আলোকবর্ষ নিলগত থকা কোনো গ্রহ বা উপগ্রহৰ ওপৰত পৰিব পাৰে৷ এনে প্রভাৱত গ্রহৰ আভ্যন্তৰীণ জলবায়ু সলনি হৈ যাব পাৰে৷ যিকোনো গ্রহৰ বায়ুমণ্ডলত পৰিব পাৰে প্রতিকূল প্রভাৱ৷ গতিকে নক্ষত্রৰ ধ্বংস সন্দর্ভত পূর্বৰ যি ধাৰণা আছিল এইবাৰ গৱেষণাই সেয়া সলনি কৰিছে৷

You might also like