নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছাৰ গণিতৰ কিংবদন্তি কেথেৰিন জনছনৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ বিশিষ্ট গণিতজ্ঞ তথা প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ পৰা প্রেছিডেঞ্চিয়েল মেডেল অৱ ফ্রীডম লাভ কৰিবলৈ সক্ষম হোৱা মহিলা কেথেৰিন জনছনৰ দেহাৱসান ঘটিছে৷ গণিতজ্ঞ হিচাপে খ্যাতিৰ শিখৰত আৰোহণ কৰিছিল কেথেৰিনে৷ ১০১ বছৰ বয়সীয়া কেথেৰিনে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰা বুলি নাছাই এক বিবৃতিযোগে সদৰী কৰিছে৷

স্মর্তব্য যে ২০১৬ চনত তেতিয়াৰ ৰাষ্ট্রপতি অ’বামাই ষ্টেট অৱ দ্য ইউনিয়ন ভাষণত কেথেৰিন জনছনক আমেৰিকাৰ মহান আৱিষ্কাৰৰ এক সাহস আখ্যা দিছিল৷ উল্লেখনীয় যে ‘হাইডেন ফিগার্ছ’ নামৰ ছবিখন নির্মাণ হৈছে কেথেৰিনক লৈ৷ চন্দ্রলৈ মানুহ প্রেৰণৰ ক্ষেত্রত বহু জটিল সমীকৰণৰ উত্তৰ উলিয়াইছিল গণিতজ্ঞ কেথেৰিনে৷ জনছনৰ দেহাৱসানৰ লগে লগে মহাকাশ গৱেষণা সংস্থা নাছাৰ প্রশাসক জিম ব্রিডেনষ্টাইনে উল্লেখ কৰিছে যে গণিতজ্ঞগৰাকী আছিল আমেৰিকাৰ এক বীৰাংগনা৷ গণিতৰ ক্ষেত্রখনত কেথেৰিন সদায় এক অনির্বান শিখা হিচাপে জ্বলি থাকিব বুলিও ব্রিডেনষ্টাইনে উল্লেখ কৰিছে৷

You might also like