নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিনীয়া পুত্ৰক মাত্ৰ ২৫ হাজাৰ টকাত বিক্ৰী পাষাণ পিতৃৰ

অমানৱীয়, হৃদয় বিদাৰক, লজ্জাজনক! এজন পিতৃয়ে টকাৰ বিনিময়ত নিজৰ সন্তানক বিক্ৰী কৰিছিল। হাইলাকান্দি জিলাৰ বন্দুকমাৰাত হৃদয়বিদাৰক এই ঘটনা সংঘটিত হৈছে। কাছাৰ আৰু হাইলাকান্দি জিলা শিশু সুৰক্ষা সন্থাই শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাইছে। এই ঘটনাত  ১জনক আটক কৰা হৈছে।

হাইলাকান্দিৰ বাবে এক অতি লজ্জাজনক খবৰে কাৰ্যতঃ জিলাখনৰ জনসাধাৰণক মূৰ তল কৰি পেলাইছে। আৰু এই খবৰ সম্প্ৰতি সমগ্ৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মানুহৰ মুখত মাথোঁ এটা কথা যে এজন পিতৃ কিমান নিষ্ঠুৰ হ’ব পাৰে! আৰু এনে কাম কৰিবলৈ এজন পিতৃ কিমান নিষ্ঠুৰ হ’ব পাৰে।

ঘটনাৰ বিবৰণ মতে, এজন পিতৃয়ে নিজৰ ১৫ দিনীয়া পুত্ৰক মাত্ৰ ২৫ হাজাৰ টকাত বিক্ৰী কৰিছিল। যোৱা ২৩ জুনত এনে এক জঘন্য ঘটনা  হাইলাকান্দি জিলাৰ বান্দুকমাৰা গাঁৱত সংঘটিত হৈছে।স্থানীয় ৰাইজে আব্দুৰ ৰৌফ লস্কৰৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইফালে স্থানীয় ৰাইজে ইতিমধ্যে ১০৯৮ নম্বৰ অৰ্থাৎ চাইল্ড হেল্পলাইনত এজাহাৰ দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিত জিলাখনৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ অধীনস্থ হাইলাকান্দি জিলা শিশু সুৰক্ষা ইউনিটে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে,  গাঁওবাসীয়ে সেই গাঁৱৰ বাসিন্দা আব্দুৰ ৰৌফ লস্কৰক ১৫ দিনীয়া কেঁচুৱাটো বিক্ৰী নকৰিবলৈ বহুবাৰ অনুৰোধ কৰিছিল। কিন্তু গাঁওবাসীৰ কথা নুশুনি আব্দুৰ ৰৌফ লস্কৰে নিজৰ ১৫ দিনীয়া পুত্ৰক কাছাৰ জিলাৰ ধলাই থানাৰ অন্তৰ্গত ভাগাবজাৰৰ এজন হোটেল মালিকক মাত্ৰ ২৫ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে বুলি বন্দুকমাৰাৰ স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ইতিমধ্যে হাইলাকান্দি জিলা শিশু সুৰক্ষা ইউনিটে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। হাইলাকান্দিৰ ডিচিপিঅ’ই কাছাৰ জিলা শিশু সুৰক্ষা বিষয়ালৈ পত্ৰ লিখি ১৫ দিনীয়া শিশুটিক উদ্ধাৰৰ বাবে অনুৰোধ জনাইছে। ইফালে স্থানীয় ৰাইজে ঘটনাৰ সঠিক তদন্ত আৰু আব্দুৰ ৰৌফ লস্কৰক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।

ইফালে, হাইলাকান্দি জিলাৰ শিশু সুৰক্ষা ইউনিটৰ জিলা শিশু সুৰক্ষা বিষয়া জালাল উদ্দিন শ্বেখক   বন্দুকমাৰা গাঁৱৰ একাংশ লোকে যোৱা ২৪ জুনত তেওঁৰ ওচৰত মৌখিক অভিযোগ উত্থাপন কৰি কয় যে,  আব্দুল ৰৌফ লস্কৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰ বিক্ৰী কৰি  বহুদিন ধৰি বন্দুকমাৰাৰ শহুৰেকৰ ঘৰত আছিল। তীৰ আৰু জুৱা খেলাৰ আসক্ত বুলি অভিযোগ কৰি ৰাইজে কয় যে তীৰ আৰু জুৱা খেলাত  সকলো হেৰুৱাই শেষত কাছাৰ জিলাৰ ভাগাবজাৰৰ এজন হোটেল মালিকক মাত্ৰ ২৫ হাজাৰ টকাত নিজৰ ১৫ দিনীয়া নাবালক সন্তানটোক বিক্ৰী কৰি দিয়ে। ভাগাবজাৰৰ এজন ব্যক্তিয়ে ইয়াৰ বাবে মধ্যভোগী হিচাপে কাম কৰিছিল। মৌখিকভাৱে এনে এজাহাৰ পোৱাৰ পিছত তেওঁ বিষয়টো লিপিবদ্ধ কৰি লগে লগে সেইদিনা কাছাৰ জিলাৰ শিশু সুৰক্ষা বিষয়া আৰু সেই জিলাৰ শিশু হেল্পলাইন কৰ্তৃপক্ষক অৱগত কৰে। কাছাৰৰ ডিচিপিঅ’ আৰু চাইল্ড হেল্পলাইনক অৱগত কৰাৰ পিছত আৰক্ষীৰ সহায়ত শিশুটিক উদ্ধাৰ কৰিবলৈ যায়। হাইলাকান্দিৰ ডিচিপিঅ’ জালাল উদ্দিনে আৰু কয় যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ছয়ো মট’ৰ গোচৰ তৰিছে আৰু অভিযুক্ত আব্দুল ৰৌফ লস্কৰ আৰু মধ্যভোগীজনক বিচাৰি নোপোৱাত তেওঁৰ এজন ভাতৃক গ্ৰেপ্তাৰ কৰিছে।

ইফালে, শিশু হেল্পলাইনৰ এক সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি ধলাই থানাৰ আৰক্ষীয়ে ভাগাবজাৰলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে পিছে শিশুটিক উদ্ধাৰ কৰাৰ কোনো খবৰ পোৱা নগ’ল।

নিয়মীয়া বার্তা, শিলচৰ : Date of published : 27 June,  2025

You might also like