নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰিকল–বৰষুণৰ পানীৰে সমুদ্রত ৩২ দিন জীৱন ৰক্ষা

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ প্রশান্ত মহাসাগৰত ওপঙি থকা কাঠৰ নাও এখনত সুদীর্ঘ ৩২ দিন ধৰি পাপুৱা নিউগিনিৰ চাৰিজন লোক নাৰিকল আৰু বৰষুণৰ পানী খাই জীয়াই থকা ঘটনাৰ এটা সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’ল’মান দ্বীপপুঞ্জত৷ পাপুৱা নিউগিনিত বুগেইনভিল্লে প্রদেশৰ এই লোককেইজনে ২২ ডিচেম্বৰত কার্টাৰেট দ্বীপুঞ্জলৈ যাত্রা কৰিছিল৷ বৰদিন উদ্যাপনৰ উদ্দেশ্যে মুঠ ১২গৰাকী লোকে কার্টাৰেটলৈ যাত্রা কৰিছিল যদিও সমুদ্রৰ কোবাল সোঁতে তেওঁলোকৰ নাওখন উটুৱাই নিয়ে৷ লক্ষণীয়ভাৱে এই লোকসকলৰ ৮গৰাকীয়ে অনাহাৰে প্রাণ হেৰুৱাবলগীয়া হয়৷ প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত এটি শিশুও আছে৷ ছ’ল’মন ষ্টাৰ নিউজে এই সংবাদ পৰিৱেশন কৰাৰ পিছতেই দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে ২০০০ কিলোমিটাৰ নিলগৰ নিউ কালেড’নিয়াত ২৩ জানুৱাৰীত নাওখনৰ পৰা উদ্ধাৰ কৰা হয় মুমূর্ষু অৱস্থাত চাৰিওজন লোকক৷ ইতিমধ্যে হাস্পতালত ক্রমান্বয়ে সুস্থ হৈ উঠিছে চাৰিওজন লোক৷

You might also like