নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰেই জাহাজত আক্রমণ ইৰানৰ : মৃত ১৯ নাবিক

নিয়মীয়া বাৰ্তা, ১২ মে’ : ওমান উপসাগৰত ইৰানে নৌসেনাৰ অনুশীলন কৰি থকাৰ সময়তে পৰীক্ষামূলকভাৱে মিছাইল নিক্ষেপ কৰি নিজ দেশৰেই এখন জাহাজ ধ্বংস কৰাত ১৯জন নাবিকৰ কৰুণ মৃত্যু ঘটিছে ৷ এই ঘটনাত আন ১৫জন নাবিক গুৰুতৰভাৱে আহত হয়  ৷ আমেৰিকাৰ সৈতে ইৰানৰ তিক্ততাপূর্ণ  সম্পর্কৰ মাজতেই দেশখনে মার্কিন সেনাৰ ওপৰত আক্রমণো  সংঘটিত কৰি আহিছে৷ দেশখনৰ বিৰুদ্ধে শক্তি প্রদর্শনৰ বাবে ইৰানে কালি এটা মিছাইল পৰীক্ষণ কৰিছিল ওমান উপ–সাগৰত ৷ তেহৰানৰ পৰা ১,২৭০ কিলোমিটাৰ দূৰত জাস্ক বন্দৰত মিছাইলেৰে লক্ষ্যভেদৰ প্রশিক্ষণ চলিছিল কেইবাখনো জাহাজৰ মাজত৷ এনে সময়তে সমুদ্রৰ বুকুত এটা লক্ষ্য স্থিৰ কৰি ক’নাৰাক নামৰ ইৰানী নৌবাহিনীৰ এখন জাহাজে মিছাইল নিক্ষেপ কৰিছিল ৷ সমুদ্রত ভাসমান এই লক্ষ্যবস্তুত মিছাইলটোৱে বিস্ফোৰণ ঘটাব লাগিছিল যদিও ভুলবশতঃ সেই লক্ষ্যৰ বিপৰীতে ক’নাৰাক জাহাজতেই আহি পৰে মিছাইলটো ৷ এই ঘটনাত ১৯জন নাবিকৰ মৃত্যুৰ বিপৰীতে ১৫জন৷ আহতসকলক ততাতৈয়াকৈ ছিষ্টান আৰু বেলুচিস্তানত চিকিৎসাধীন কৰোৱা হয় ৷ উল্লেখ্য যে ১৯৮৮ চনৰ পৰাই ইৰানৰ নৌ বাহিনীত আছিল ক’নাৰাক যুদ্ধজাহাজ ৷ ২০১৮ চনত কিছু মেৰামতি কৰি জাহাজখনত যথেষ্টসংখ্যক অস্ত্র আৰু আধুনিক সামৰিক সৰঞ্জাম সংযুক্ত কৰা হয় ৷ মিছাইল নিক্ষেপ কৰাত সক্ষম প্রায় ৪০ টনৰ এই জাহাজখন পৰিচালনা কৰে ২০জনীয়া নাবিকৰ দলে ৷ ক্ষেপণাস্ত্রৰ আক্রমণত এই জাহাজখন বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে ৷

You might also like