নেপালৰ বিমান দুৰ্ঘটনাত মৃত্যু প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী নীৰা চন্তয়ালৰ, অনুৰাগীৰ মাজত শোক
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী: দেওবাৰে নেপালৰ পোখাৰা অঞ্চলত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনা বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ সকলোতে শিৰোনাম। এই বিমান দুৰ্ঘটনাত ৬৮ জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ সমান্তৰালকৈ এই বিমান দুৰ্ঘটনাত নেপালৰ বিখ্যাত গায়িকা নীৰা ছন্তয়ালৰ (Nira Chhantyal) মৃত্যু হোৱাৰ খবৰো ওলাইছে। যিটো নিশ্চিত কৰিছে তেওঁৰ ভগ্নী হীৰা চন্তয়াল শ্বেৰচনে।
দৰাচলতে ডি এন এ ৰিপ’ৰ্ট অনুসৰি নীৰা চন্তয়ালৰ ভগ্নী হীৰাই জনাইছে যে নেপালৰ পোখাৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি এয়াৰলাইন্সৰ এ টি আৰ-৭২ বিমানখনত তেওঁৰ ভগ্নী আৰু গায়িকা নীৰা চন্তয়ালো আছিল। মকৰ সংক্ৰান্তি উপলক্ষে পোখাৰাত নেপাল চান্তিয়াল যুৱ সন্থাই আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল নীৰা চান্তিয়ালে। অৱশ্যে এতিয়া নীৰা চন্তয়ালৰ এই মৃত্যুৰ বাবে উক্ত কাৰ্যসূচী বাতিল কৰা হৈছে।