নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰমাংস ভক্ষণ আমেৰিকাত!

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ নৰমাংস ভক্ষণ কৰিলে হেনো মগজুৰ ৰোগৰ পৰা পৰিত্রাণ পাব৷ এই ধাৰণা মনত লৈয়ে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছিল আমেৰিকাৰ জেমছ ডেভিড ৰাছেল নামৰ এজন লোকে৷ ৭০ বছৰীয়া বৃদ্ধ লোক এজনক হত্যা কৰাৰ অভিযোগত ৰাছেলক গ্রেপ্তাৰ কৰিছে আমেৰিকাৰ ইডাহোৰ আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ৭০ বছৰীয়া ডেভিড ফ্লেগেট নামৰ এজন ব্যক্তি হঠাতে নিখোজ হৈছিল৷ তদন্ত চলাই আৰক্ষীয়ে ৰাছেলৰ ঘৰৰ এখন গাড়ীৰ পৰা ফ্লেগেটৰ দেহাৱশেষ উদ্ধাৰ কৰে৷ লক্ষণীয়ভাৱে ফ্লেগেটৰ শৰীৰৰ বিভিন্ন অংশ ইতিমধ্যে কাটি নিয়া হৈছিল৷ ডেইলী বিষ্টৰ প্রতিবেদন অনুসৰি ৰাছেলে ফ্লেগেটৰ মাংস ভক্ষণ কৰিছিল৷ অৱশ্যে অন্য কোনো লোকক ৰাছেলে হত্যা কৰিছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে৷

You might also like