নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱাজ শ্বৰীফৰ ভাতৃ শ্বেহবাজ ক’ৰোনা ভাইৰাছত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১২জুনঃ পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ ভাতৃ তথা পি এম এল–এনৰ মুৰব্বী তথা নেচনেল এছেম্বলীৰ বিৰোধী নেতা শ্বেহবাজ শ্বৰীফ ক’ভিড–১৯ৰ দ্বাৰা সংক্রমিত হৈছে৷ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ দ্বাৰা নেতাগৰাকী সংক্রমিত হোৱাৰ লগে লগে নিজাববীয়াকৈ হোম কোৱাৰেণ্টাইনত থাকিবলৈ লৈছে৷ দলটোৰ মুখপাত্র মৰিয়ম ঔৰংজেৱে আজি সংবাদ–পত্র ‘ডন’ক এই কথা জনাইছে৷ মুখপাত্রগৰাকীয়ে সংবাদ–পত্রখনক জনোৱা অনুসৰি শ্বৰীফ কর্কট ৰোগতো আক্রান্ত হৈ আছে৷ দলৰ আন এগৰাকী নেতা আতাউল্লা টাৰাৰে উল্লেখ কৰিছে যে নেচনেল একাউণ্টেবিলিটী ব্যুৰ’ (এনএবি)লৈ বাৰে বাৰে শ্বৰীফৰ শাৰীৰিক অৱস্থা সন্দর্ভত জনোৱা হৈছে যদিও উন্নত চিকিৎসা প্রদান কৰা হোৱা নাই৷ গতিকে শ্বেহবাজ শ্বৰীফৰ ক্ষেত্রত অকল্পনীয় কিবা ঘটিলেই তাৰ বাবে প্রধানমন্ত্রী ইমৰান খান আৰু এন এ বি জগৰীয়া হ’ব বুলি আতাউল্লা টাৰাৰে ঘোষণা কৰিছে৷ স্মর্তব্য যে প্রাক্তন প্রধানমন্ত্রী আব্বাছিও ক’ভিড–১৯ত আক্রান্ত হৈছে

You might also like