নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনৰ নির্দেশ অমান্য কৰা সৈনিকসকলৰ সৈতে শয্যাসংগিনী হ’ব এইগৰাকী মডেল

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধক লৈ সমগ্র বিশ্ব তোলপাৰ লাগি থকাৰ সময়তে ইউক্রেইনৰ প’ৰ্ণ চলচ্চিত্র অভিনেত্রী তথা মডেল এগৰাকীয়ে ৰুছ সৈন্যলৈ বিশেষ প্রস্তাৱ আগবঢ়াইছে৷ লিলি ছামার্ছ নামৰ প্রাপ্তবয়স্ক মডেলগৰাকীয়ে আগবঢ়োৱা এই প্রস্তাৱ ইতিমধ্যে নেট মাধ্যমত ভাইৰেল হৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধক লৈ উদ্বিগ্ণ ছামার্ছ৷

এক সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি ৰাছিয়ান বাহিনীক আক্রমণ নকৰিবলৈ প্রস্তাৱ আগবঢ়াই ছামার্ছে কৈছে যে পুটিনৰ নির্দেশ যদি সৈনিকসকলে অমান্য কৰে তেন্তে প্রতিজন ৰুছ সৈনিকৰ শয্যাসংগিনী হ’ব মডেলগৰাকী৷ মডেলগৰাকীৰ এই প্রস্তাৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে ধুমুহা৷ স্মর্তব্য যে ইউক্রেইনত ৰুছ সৈনিকৰ নজৰ পৰিছে ইতিমধ্যে দেশখনৰ ৰমণীসকলৰ ওপৰত৷ গতিকে যুদ্ধ যিকোনো প্রকাৰে বন্ধ কৰাৰ বাবে চেলিব্রিটীৰ জগতখনেও বিভিন্ন প্রস্তাৱ আগবঢ়াইছে ৰুছ সেনাক৷ লিলি ছামার্ছৰ প্রস্তাৱ সন্দর্ভত অৱশ্যে তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই মস্কো প্রশাসনে৷

You might also like