পৰিস্থিতি স্বাভাৱিক হ’লেও কোনোকালে ওভতাই পোৱা নাযাব ‘ক’ৰোনা’ৰ পূৰ্বৰ পৃথিৱীখন
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ মহাশক্তিধৰ আমেৰিকাৰ আভিজাত্য-গৌৰৱ শিৰত লৈ যুগ যুগ ধৰি হাডছন নৈৰ পাৰত থিয় হৈ আছে নিউয়ৰ্ক চহৰ । আমেৰিকানসকলৰ গৰ্ব – পৃথিৱীৰ ভিতৰতেই শ্ৰেষ্ঠ চহৰ নিউয়ৰ্ক । কিন্তু মাত্ৰ কেইটামান দিনৰ ব্যৱধানতে সলনি হৈ গৈছে চহৰখনৰ চেহেৰা । এতিয়া অদৃশ্য শক্তি ন’ভেল ক’ৰোনা ভাইৰাছৰ গ্ৰাসত নিউয়ৰ্ক । আজিৰ তাৰিখত নিউয়ৰ্কৰ পৰা আৰম্ভ কৰি গোটেই আমেৰিকাত দ্ৰুত সংক্ৰমণ ঘটিছে প্ৰাণঘাতী ভাইৰাছৰ । প্ৰতিনিয়ত সংক্ৰমিত-মৃত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । কিন্তু পৃথিৱী কঁপোৱা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণকাৰীক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হোৱা পেণ্টাগন যেন অদৃশ্য শত্ৰুৰ সন্মুখত অসহায় । অকল আমেৰিকাই নহয়, চীনৰ য়ুহানত প্ৰাদুৰ্ভাৱ ঘটা ক’ভিড-১৯ বিশ্বৰ দুই শতাধিক দেশলৈ বিয়পি পৰিছে । ইটালী, স্পেইন, জাৰ্মানী, ফ্ৰান্স, ভাৰত কোনো এখন দেশেই এই তালিকাৰ পৰা বাদ পৰা নাই । মাৰাত্মক ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰতিখন দেশতে অৱলম্বন কৰা হৈছে বিভিন্ন পন্থা । একেদৰে পৰীক্ষাগাৰত প্ৰতিষেধক উদ্ভাৱনৰ নিৰন্তৰ গৱেষণাও অব্যাহত আছে । এই মুহূৰ্তলৈ কোনোধৰণৰ সুনিৰ্দিষ্ট সমাধান ওলোৱা নাই যদিও এই গৱেষণাক লৈ আশাবাদী বিশ্বসমুদায় । হয়তো অচিৰেই প্ৰাণঘাতী ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ হ’ব । কিন্তু তৃতীয় বিশ্বযুদ্ধৰূপে চিহ্নিত ন’ভেল ক’ৰোনা ভাইৰাছৰ কৰালগ্ৰাসৰ পৰা মানৱজাতি মুক্ত হ’ব পাৰিবনে ? এই মুহূৰ্তত বিশ্বৰ সৰ্বত্ৰ এই প্ৰশ্নটোৱে ব্যাপক চৰ্চা লাভ কৰিছে ।
ক’ভিড-১৯ ক লৈ হোৱাইট হাউচত শেহতীয়াকৈ অনুষ্ঠিত এক আলোচনা চক্ৰত এজন মাৰ্কিন বিজ্ঞানীয়ে কৰা এক মন্তব্যই বহন কৰিছে বিশেষ গুৰুত্ব । ড০ এণ্টনী ফৌছী নামৰ মাৰ্কিন বিজ্ঞানীজনে ন’ভেল ক’ৰোনা ভাইৰাছে বিশ্ব তথা মানৱ সভ্যতাৰ প্ৰতি কঢ়িয়াই অনা অন্ধকাৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰি কৈছে- ‘বিশ্বৰ বিভিন্ন দেশত হয়তো পূৰ্বৰ দৰেই প্ৰচলিত সমাজ ব্যৱস্থা থাকিব । কিন্তু ক’ৰোনাৰ পূৰ্বৰ সেই পৰিচিত পৃথিৱীখন আৰু কেতিয়াও নাথাকিব । আমি যদি আমাৰ পৰিচিত পৃথিৱীখনলৈ উভতি যাবলৈ বিচাৰো, তেন্তে মনত ৰাখিব লাগিব সেয়া কোনোকালে সম্ভৱ নহ’বও পাৰে ।’ প্ৰখ্যাত বিজ্ঞনীজনে এই মন্তব্য কৰাতেই ক্ষান্ত থকা নাই । চৰম বিপৰ্যয়ৰ দিশলৈ ঠেলি দিয়া পৃথিৱীৰ ভৱিষ্যতৰ প্ৰসংগত পুনৰ কয় – পৰিস্থিতি স্বাভাৱিক হোৱা বুলি যদি আমি ভাবো আৰু ক’ৰোনা ভাইৰাছ প্ৰাদুৰ্ভাৱ ঘটাৰ আগৰ পৃথিৱীখন ঘূৰাই পাম, সেইটো বোধহয় কেতিয়াও নহ’ব ।’ তেওঁৰ মতে, পৃথিৱীবাসীক এই মুহূৰ্তত সুৰক্ষিত কৰাটো কেৱল প্ৰতিষেধকৰ জৰিয়তেহে সম্ভৱ । উল্লেখ্য যে, ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণত কাৰ্যত বিপন্ন হৈ পৰিছে বিশ্বৰ সকলো দেশ-মহাদেশ । মানৱ জাতি দুৰ্ঘোৰ সংকটৰ সন্মুখীন হবলগীয়া হৈছে । সমগ্ৰ বিশ্বতে আক্ৰান্তৰ সংখ্যা ১৫ লক্ষাধিক হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে প্ৰায় ৯০ হাজাৰৰ ।