নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশক ৩০ হাজাৰ মাস্ক, ১৫ হাজাৰ হেডকভাৰ উপহাৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ক’ৰোনাৰ আতংকই বিৰাজ কৰিছে সমগ্ৰ বিশ্বত । ক’ৰোনাৰ আতংকৰ এই সময়তে ৩০ হজাৰ চাৰ্জিকেল মাস্ক আৰু ১৫ হাজাৰ হেডকভাৰ লৈ ঢাকাত উপস্থিত হ’ল নতুন দিল্লী । বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনলৈ এইদৰেই বুধবাৰে সহযোগিতা আগবঢ়ালে ঢাকাস্থিতি ভাৰতৰ ৰাষ্ট্ৰদূত ৰিভা গঙ্গোপাধ্যায় দাস ।

ভাৰতীয় দূতাবাসে এক বিজ্ঞপ্তিত কৈছে যে, ‘প্ৰতিবেশী প্ৰথম’ নীতি পালন ও ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ১৫ মাৰ্চত আঞ্চলিক সহযোগিতা বঢ়োৱাৰ বাবে এই সন্মিলনৰ উদ্যোগ লৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই ভিডিঅ’ কনফাৰেঞ্চত অংশগ্ৰহণ কৰিছিল ছাৰ্কৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰপ্ৰধানসকলে । ক’ভিড ১৯ ৰে মোকাবিলা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশে । মাস্ক আৰু হেডকভাৰ সমূহ তেওঁলোকৰ এই প্ৰচেষ্টাত সহায়ক হ’ব বুলিও উল্লেখ কৰে ভাৰতীয় দূতাবাসে ।

ইয়াৰ লগতে চিকিৎসা সংক্ৰান্তীয় পৰামৰ্শ প্ৰদান কৰিও বাংলাদেশক সহায় আগবঢ়াইছে ভাৰতে । বিজ্ঞপিত উল্লেখ আছে যে , বন্ধু আৰু প্ৰতিবেশী হিচাপে প্ৰতিকূল সময়ত বাংলাদেশৰ কাষত থিয় দিয়াৰ বাবেও প্ৰস্তুত ভাৰত । ভাৰত , বাংলাদেশ আৰু ছাৰ্ক অন্তৰ্ভুক্ত দেশসমূহে ঐক্যবদ্ধভাৱে ক’ৰোনা ভাইৰাছৰ প্ৰাৰ্দুভাৱ ৰোধ কৰিব পাৰিব ।

ছাৰ্কৰ অন্তৰ্ভুক্ত দেশসমূহৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ সহায়ত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সকলো দেশকে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এক পুঁজি গঠনৰ আহ্বান জনাইছিল । এই পুঁজিৰ বাবে ছাৰ্ক অন্তৰ্ভুক্ত প্ৰতিখন দেশেই স্বেচ্ছাই দান কৰিব পাৰিব অৰ্থ । ইফালে, চিকিৎসক আৰু বিশেষজ্ঞৰ দলো তৈয়াৰ কৰি ৰাখিছে বুলি উল্লেখ কৰে ভাৰতে । প্ৰতিখন দেশৰেই প্ৰয়োজনত সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ভাৰতে ।

You might also like