বাংলাদেশ পালেহি ক’ৰোনাঃ ৩ জনক চিনাক্ত
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো পোৱা গৈছে ক’ৰোনা আক্ৰান্ত ৰোগী । বৰ্তমানলৈকে তিনিজন লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি লাভ কৰাৰ কথা স্বীকাৰ কৰিলে সংশ্লিষ্ট বিভাগে ।
কৰ্তৃপক্ষই জনোৱা অনুসৰি আক্ৰান্তসকলৰ বয়স ২০ ৰ পৰা ৩৫ । তিনিজন ক’ৰোনা আক্ৰান্তৰ মাজত আছে এগৰাকী মহিলাও । আক্ৰান্ত তিনিজনৰ মাজৰ দুজন সম্প্ৰতি ইটালীৰ পৰা আহি উপস্থিত হৈছিল দেশখনত । একেটা পৰিয়ালৰে এই দুজনৰ পৰা সংক্ৰমিত হৈ তৃতীয়জনৰ দেহত পোৱা গৈছে ক’ৰোনাৰ অৱস্থিতি ।
উল্লেখ্য যে, ইউৰোপৰ সবাতোকৈ বেছি প্ৰভাৱিত দেশ হৈছে ইটালী । বৰ্তমানলৈকে ইটালীত মৃত্যু হৈছে ২৩৩ জনকৈ লোকৰ । আনহাতে ভাৰতত যিসকল লোক আক্ৰান্ত হৈছে সেইসকলৰ বেছিভাগেই ইটালীৰ নাগৰিক অথবা ইটালীৰ ভ্ৰমণ কৰি অহা ভাৰতীয় । এই পৰ্যন্ত ভাৰতত ৪০ জন লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত ।