নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ ব্রিটেইনৰ ৰাজপৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি এগৰাকী ক’ৰোনা ভাইৰাছত সংক্রমণ হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পাছতে ৯৩ বছৰীয়া ৰাণী এলিজাবেথ দ্বিতীয় উইণ্ডছ’ৰ কাষ্টললৈ স্থানান্তৰ কৰা হৈছে ৷ অনির্দিষ্টকালৰ বাবে বাকিংহাম পেলেচৰ পৰা ৰাণীগৰাকীক স্থানান্তৰ কৰা বুলি ব্রিটেইনৰ মিডিয়াই সদৰী কৰিছে৷ স্মর্তব্য যে বাকিংহাম পেলেচৰ এগৰাকী ৰাজপৰিয়ালৰ সহযোগী যোৱা সপ্তাহত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছিল৷ অৱশ্যে ৰাজ পৰিয়াল বা দেশখনৰ সংবাদ মাধ্যমে ক’ৰোনাত সংক্রমিত হোৱা লোকগৰাকীৰ সবিশেষ তথ্য সদৰী কৰা নাই৷ বৃহস্পতিবাৰৰ পৰা ৰাণী এলিজাবেথ দ্বিতীয়ক উইণ্ডছ’ৰ কাষ্টলত আছুতীয়াকৈ ৰখা হৈছে৷ ইয়াৰ উপৰি সঘনে ৰাণীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ অৱশ্যে ব্রিটিছ ৰাণীগৰাকী সু–স্বাস্থ্যৰে থকা বুলি ৰাজ পৰিয়াল তথা সংবাদ মাধ্যমে ঘোষণা কৰিছে৷