বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষৰ সম্ভেদ পালে নাছাই
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ মঙলবাৰে নাছাই সন্ধান উলিয়ালে ভাৰতৰ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ। লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰে চন্দ্ৰপৃষ্ঠত সন্ধানহীন চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ ফটো প্ৰেৰণ কৰিছে নাছালৈ। টুইটাৰযোগে এই ফটো প্ৰকাশ কৰিছে নাছাই। চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰ ধ্বংস হোৱা স্থানৰ ৭৫০ মিটাৰ দূৰত ধৰা পৰিছে ইয়াৰ ধ্বংসাৱশেষ।
The #Chandrayaan2 Vikram lander has been found by our @NASAMoon mission, the Lunar Reconnaissance Orbiter. See the first mosaic of the impact site https://t.co/GA3JspCNuh pic.twitter.com/jaW5a63sAf
— NASA (@NASA) December 2, 2019
নাছাই নিশা প্ৰায় ১.৩০ বজাত চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰৰ ধ্বংসপ্ৰাপ্ত হোৱা স্থানৰ ফটো প্ৰকাশ কৰে। নাছাই কয় যে লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰ (LRO)-এ লেণ্ডাৰ বিক্ৰমৰ তিনিটা টুকুৰা ধৰা পেলাইছে । ইপিনে নাছাই বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষৰ সন্ধান উলিওৱাৰ কৃতিত্ব চেন্নাইৰ এগৰাকী অভিযন্তাক দিছে। নাছাই নিজৰ বিবৃতিত কয় যে – ছানমুগা সুব্ৰমনিয়ন নামৰ এজন লোকে ধ্বংসাৱশেষ চিনাক্ত কৰে। তেওঁ LRO প্ৰজেক্টৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ছানমুগাই ধ্বংসপ্ৰাপ্ত স্থানৰ উত্তৰ–পশ্চিম দিশত প্ৰায় ৭৫০ মিটাৰ দূৰত ধ্বংসাৱশেষৰ চিনাক্ত কৰে।
উল্লেখযোগ্য যে ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত হাৰ্ড লেণ্ডিং কৰিছিল চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিঃমিঃ পূৰ্বে ISRO ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ।