নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ বচাবলৈ বাংলাদেশত চৰকাৰী কার্যালয়ৰ কর্মঘণ্টা হ্রাস

নিয়মীয়াবার্তা, ২৭আগষ্ট: ইন্ধনৰ দামবৃদ্ধিৰ উদ্বিগ্ণতাৰ মাজতে বিদ্যুতৰ ব্যৱহাৰ হ্রাস তথা বিদ্যুৎ বচাবলৈ বাংলাদেশত বিদ্যালয়সমূহ সপ্তাহত এদিন অতিৰিক্ত বন্ধৰ দিন ঘোষণা কৰিছে৷ তেনেদৰে বিদ্যুৎ বচাবলৈ চৰকাৰী কার্যালয় আৰু বেংকৰ কর্মঘণ্টা এঘণ্টাকৈ হ্রাস কৰা হৈছে৷ বাংলাদেশত স্কুল শুকুৰবাৰে বন্ধ ৰখা হয় যদিও বিদ্যুৎ বচাবলৈ শনিবাৰৰ দিনটো স্কুল বন্ধ ঘোষণাৰ নির্দেশ দিছে চৰকাৰে৷ ৰাছিয়া–ইউক্রেইন যুদ্ধৰ পৰিপ্রেক্ষিতত বিদ্যুৎ যোগান আৰু খাদ্যৰ যোগান প্রক্রিয়াত ব্যাঘাত জন্মাৰ পৰিপ্রেক্ষিতত বিদ্যুতৰ নাটনি হৈছে৷ ঠিক তেনেদৰে খাদ্য সামগ্রীৰ দামো বর্ধিত হৈছে৷ এনে পৰিপ্রেক্ষিতত বিদ্যুৎ বচাবৰ বাবে চৰকাৰখনে বিদ্যালয় এদিন অতিৰিক্তকৈ বন্ধ কৰাৰ লগতে চৰকাৰী কার্যালয়ৰ কর্মঘণ্টা হ্রাস কৰিছে৷

You might also like