নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি মৃত্যুদূত ক’ৰোনাৰ বিভীষিকাঃ ১ লক্ষৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কালান্তক ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণত অসহায় বিশ্ব । মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ লৈ কাৰ্যতঃ ভেঙুচালি কৰিছে জীৱশ্ৰেষ্ঠ মানৱৰ আধুনিক চিকিৎসা বিজ্ঞানক । উন্নত চিকিৎসা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি লৈছে এই মহামাৰীয়ে । ১০০ দিন অতিক্ৰম কৰাৰ পাচতে ঘাতক ক’ভিড-১৯ এ এই এশ দিনত বিশ্বব্যাপী প্ৰাণ কাঢ়ি ল’লে ১ লক্ষ মানুহৰ । প্ৰথমে সংক্ৰমণ ঘটা চীনে এই ঘাতক ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লেও ইতিমধ্যে বিশ্বৰ ২১০ দেশলৈ সংক্ৰমিত হৈছে এই মহামাৰী । বিশ্ববাসীৰ জীৱনযাত্ৰা ব্যাপকভাৱে সলনি কৰি দিয়া ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাই ১ লাখ অতিক্ৰম কৰিলে । আক্ৰান্তৰ সংখ্যাও অতিক্ৰম কৰিছে ১৬ লক্ষাধিক । ইউৰোপৰ লগতে এতিয়া ক’ৰোনা ভাইৰাছৰ হটস্পট হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকা যুক্তৰাষ্ট্ৰত ৪,৮৮,৭৫৫ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণহানি হৈছে ১৭,৯৯৫ জনৰ । ইপিনে , স্পেইনত ১,৫৭,০৫৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৫,৯৭০ জনৰ । সৰ্বাধিক প্ৰাণহানি হোৱা ইটালীত আক্ৰান্তৰ সংখ্যা ১,৪৭,৫৭৭ আৰু মৃতকৰ সংখ্যা ১৮,৮৪৯ জন ।। আমেৰিকা, ইটালী, স্পেইন, ফ্ৰান্স , ইৰান, গ্ৰেট ব্ৰিটেইন, বেলজিয়াম, জাৰ্মানী আদিত মৃত্যুৰ কিৰীলি অব্যাহত থকাৰ বিপৰীতে বিভিন্ন নতুন নতুন দেশত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা প্ৰতি ক্ষণে ক্ষণে বৃদ্ধি পাই আহিছে ।

ৱেবছাইট ক’ভিড-১৯ ক’ৰোনা ভাইৰাছৰ পৰা যুগুত কৰা মতে নিশা ১০.৪৫ বজালৈ বিশ্বৰ ২১০ খন দেশলৈ ভয়াৱহ ভাইৰাছটোৰ সংক্ৰমণ সম্প্ৰসাৰিত হৈছে । বিশ্বজুৰি ১৬,৩৯,৭৬৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১,০০,১৫৬ জনৰ । দুৰ্ভাগ্যজনক যে ইটালীত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী শুশ্ৰূষা কৰি ইতিমধ্যে শতাধিক চিকিৎসকে কৰুণ মৃত্যুক আঁকোৱালি লৈছে । চিকিৎসকৰ লগতে ৩০ তকৈ অধিক নাৰ্ছ আৰু সহযোগীয়ে প্ৰাণ হেৰুৱাইছে । গুৰুত্বপূৰ্ণ যে দেশখনত ক’ভিড-১৯ ত আক্ৰান্ত ডেৰ লক্ষাধিকৰ ভিতৰত ১০ শতাংশই চিকিৎসা সেৱাৰ সৈতে জড়িত লোক । ইউৰোপৰ আন এখন দেশ ফ্ৰান্সতো মৃত্যুৰ বিভীষিকা অব্যাহত আছে । দেশখনত ১ লাখ ১৮ হাজাৰ লোক ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২ সহস্ৰাধিকে প্ৰাণ হেৰুৱাইছে । তেনেদৰে ইৰানতো ৬৮ হাজাৰৰ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ সহস্ৰাধিকে প্ৰাণ হেৰুৱাইছে । গ্ৰেট ব্ৰিটেইনতো আক্ৰান্ত আৰু মৃতকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আহিছে । তথ্য মতে, গ্ৰেট ব্ৰিটেইনত ৬৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮ সহস্ৰাধিক লোকৰ মৃত্যু হৈছে । বেলজিয়ামত প্ৰায় ২৭ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে । লক্ষণীয় যে, ইটালীৰ বিপৰীতে ক’ৰোনা আক্ৰান্ত অধিকাংশ দেশতে ৰোগীক শুশ্ৰূষা কৰা চিকিৎসকে কৰুণ মৃত্যুক আঁকোৱালি লৈছে । ইণ্ডোনেছিয়া, ফিলিপাইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, পাকিস্তান, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন,চীন আদি দেশতো চিকিৎসকৰ মৃত্যু হৈছে ।

You might also like