বিশ্বজুৰি ২.৫ কোটি লোকে হেৰুৱাব চাকৰি
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিমান পৰিবহণ বাধাগ্ৰস্ত হোৱাৰ বাবে সমগ্ৰ বিশ্বত প্ৰায় ২.৫ কোটি লোকৰ চাকৰি এতিয়া সংকটত । ইণ্টাৰনেচনেল এয়াৰ ট্ৰেন্সপৰ্ট চমুকৈ আইএটিএই প্ৰকাশ কৰা এক সমীক্ষাত এই ভয়ানক তথ্য পোহৰলৈ আহিছে । বিশ্বজুৰি ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে সকলো দেশেই ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰাত বাধাগ্ৰস্ত হৈছে বিমান পৰিবহণ । সমগ্ৰ বিশ্বত ৬৫.৫ নিযুত লোকৰ জীৱিকা নিৰ্ভৰ কৰে এভিয়েচন উদ্যোগৰ লগত । ইয়াৰ লগত সংযুক্ত হৈ আছে ভ্ৰমণ আৰু পৰ্যটন বিভাগো । আনহাতে প্ৰায় ২.৫ নিযুত লোক জড়িত হৈ আছে বিমান পৰিবহণৰ চাকৰিৰ লগত যোৱা তিনি মাহত বিশ্বৰ দেশসমূহে ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাত এভিয়েচন আৰু ইয়াৰ লগত জড়িত খণ্ডৰ ২.৫ কোটি ( ২৫ নিযুত) লোকৰ চাকৰি বৰ্তমান সংকটত পৰিছে । ইয়াৰে ১১.২ নিযুত চাকৰি এছিয়া পেচিফিকত, ৫.৬ নিযুত চাকৰি ইউৰোপত, ২.৯ নিযুত চাকৰি লেটিন আমেৰিকাত, ২ নিযুত চাকৰি উত্তৰ আমেৰিকাত , ২ নিযুত চাকৰি আফ্ৰিকাত আৰু ০.৯ নিযুত চাকৰি মধ্যপ্ৰাচ্যৰ সৈতে সম্পৰ্কিত ।
২০১৯ চনৰ তুলনাত ২০২০ চ যাত্ৰীৰ ৰাজহৰ ক্ষেত্ৰতো ঘটিছে অৱনতি । চলিত বৰ্ষত ২৫২ বিলিয়ন ডলাৰৰ ঘাটি হৈছে । এয়াৰলাইনছ কোম্পানীসমূহে ইতিমধ্যে চৰকাৰৰ পৰা আৰ্থিক সাহায্য দাবী কৰিছে । আইএটিএয়েও বিভিন্ন দেশৰ চৰকাৰক প্ৰত্যক্ষ আৰ্থিক সহযোগ, ঋণ, কৰ্পৰেট বণ্ড মাৰ্কেটত সহযোগ আৰু কৰ ৰেহাই দাবী কৰিছে । এয়াৰলাইনছৰ চাকৰিৰ ওপৰত নিৰ্ভৰশীল বিশ্বৰ ২৫ নিযুত লোক । ক’ভিড-১৯ মহামাৰীয়ে বিমান পৰিবহণৰ ক্ষেত্ৰত যি ভয়ংকৰ আঘাত হানিছে , সেয়া ক’বলৈ আমাৰ ভাষা নাই । আইএটিএৰ সঞ্চালকপ্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া আলেকজেণ্ডাৰ ডি জোনেইকে এইদৰে কয় ।