বিশ্বত তেলৰ যোগান হ্ৰাস কৰিব বিচাৰে ৰাছিয়াই
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বৰ বাণিজ্যিক ক্ষেত্ৰত মোক্ষম আঘাত হানিছে। ক’ৰোনাৰ সংকটৰ বাবে তেলৰ বজাৰত সৃষ্টি হৈছে চৰম হতাশা। বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে বিভিন্ন দেশৰ অৰ্থনীতিত সৃষ্টি হৈছে অস্থিৰতা। এই অস্থিৰতাৰ পৰা পৰিত্ৰাণ পাবলৈ অন্যতম সংস্থা অ’পেক, ৰাছিয়া আৰু অন্যান্য সহযোগী দেশবোৰে প্ৰস্তুত কৰি উলিয়াইছে এক প্ৰস্তাৱ। এই প্ৰস্তাৱ অনুসৰি ৰাছিয়া,অ’পেকৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই তেলৰ উদঘাটন এক পঞ্চমাংশ কৰ্তন কৰিব বিচাৰিছে আৰু ইয়াত আমেৰিকাকে ধৰি অনান্য তেল উৎপাদনকাৰী ৰাষ্ট্ৰসমূহক সমৰ্থন জনাবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত অ’পেক সদস্য দেশসমূহৰ শক্তিমন্ত্ৰীসকলৰ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব মেক্সিকোত। এই আলোচনাতহে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ৰাছিয়া আৰু সহযোগী দেশসমূহে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি প্ৰতিদিনে তেলৰ উদঘাটন কৰ্তন কৰা হ’ব ১০ নিযুত বেৰেল। দৈনিক ১০ শতাংশ গোলকীয় তেল যোগান বন্ধ কৰাৰ বাবে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।