বিশ্বত সংস্থাপন হেৰুৱাব ১৬০ কোটি শ্রমিকে
ৰাষ্ট্রসংঘৰ আন্তর্জাতিক শ্রমিক সংস্থাৰ উদ্বেগজনক তথ্য
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ভিড–১৯ৰ সংক্রমণৰ বাবে বিশ্বৰ প্রান্তে প্রান্তে অব্যাহত লকডাউনৰ ফলত অসংগঠিত শ্রমিকৰ জীৱিকালৈ শংকা নামি আহিছে৷ আন্তর্জাতিক কর্মশক্তিৰ প্রায় আধা অর্থাৎ ১.৬ বিলিয়ন (১৬০ কোটি) অসংগঠিত খণ্ডৰ শ্রমিকে সংস্থাপন হেৰুৱাব বুলি উদ্বেগজনক তথ্য প্রকাশ কৰিছে আন্তর্জাতিক শ্রমিক সংস্থাই৷ ৰাষ্ট্রসংঘৰ সংস্থাটোৱে প্রকাশ কৰা মতে লকডাউনৰ বাবে বিশ্বত ৪৩০ নিযুত খুচুৰা আৰু নির্মাণ খণ্ডৰ ক্ষুদ্র উদ্যোগ ক্ষতিগ্রস্ত হৈছে৷ ‘ক’ভিড–১৯ আৰু বিশ্বত কর্ম’ শীর্ষক প্রতিবেদনত প্রকাশ কৰা মতে ৩.৩ বিলিয়ন (৩৩০ কোটি) শ্রমিক আছে৷ ইয়াৰে ২০০ কোটিয়ে অসংগঠিত শ্রমিক হিচাপে কাম কৰি আহিছে৷ বিশ্বৰ অর্থনীতিলৈ এই অসংগঠিত শ্রমিকে আগবঢ়াই অহা বৰঙণি লকডাউনৰ বাবে ক্ষতিগ্রস্ত হ’ব৷ উদ্যোগসমূহত কর্মৰ ঘণ্টা দ্রুতগতিত হ্রাস পাইছে৷ ইয়াৰ ফলাফল হিচাপে বিশ্বৰ প্রতিখন দেশতেই উদ্যোগসমূহৰ উৎপাদনৰ লগতে কর্ম দক্ষতা হ্রাস পাইছে৷ লোকচানৰ সন্মুখীন হোৱা উদ্যোগসমূহে শ্রমিকক চাটাই আৰম্ভ কৰাৰ সমান্তৰালকৈ লকডাউনৰ বাবে উৎপাদন বন্ধ হৈ আছে৷ সংস্থাটোৰ প্রতিবেদন মতে ক’ৰোনা সংকটৰ প্রথম মাহতে আন্তর্জাতিক পর্যায়ৰ শ্রমিকসকলৰ উপার্জন ৬০ শতাংশ হ্রাস পাইছে৷ আফ্রিকা আৰু আমেৰিকাত সর্বাধিক ৮০ শতাংশতকৈ অধিক, ইউৰোপ আৰু মধ্য এছিয়াত ৭০ শতাংশ, এছিয়া আৰু প্রশান্ত মহাসাগৰ অঞ্চলত ২১.৬ শতাংশ হ্রাস পাইছে৷ মহামাৰীৰ প্রকোপ যদি এনেদৰে চলি থাকে, তেতিয়াহ’লে অসংগঠিত শ্রমিকৰ জীৱিকাৰ শংকা নিশ্চিত বুলি প্রকাশ কৰিছে সংস্থাটোৱে ৷