বিশ্বত ১০ লক্ষাধিক লোকে জয় কৰিছে ক’ভিড -১৯
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী ক’ৰোনা ভাইৰাছে । বৰ্তমানলৈকে বিশ্বত প্ৰায় ৩২,৩২,৯৭৫ গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটি লৈছে প্ৰায় ২,২৮,৫১৭ গৰাকী লোকে । ইতিমধ্যে আক্ৰান্ত আৰু মৃত্যুৰ সমান্তৰালকৈ ১০,০৮,৪৯৬ গৰাকী লোকে জয় কৰিবলৈ সক্ষম হৈছে ক’ভিড-১৯ ক ।
আক্ৰান্তৰ শীৰ্ষত থকা আমেৰিকাত ইতিমধ্যে ১০ লাখৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত । ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৬১,৬৬৯ গৰাকীকৈ লোকে । ইতিমধ্যে ১,৪৭,৪১১ গৰাকী লোক সম্পূৰ্ণৰূপে ক’ৰোনা মুক্ত হৈছে আমেৰিকাত ।
উল্লেখ্য যে, ভাৰতবৰ্ষত বৰ্তমানলৈকে ৩৩,০৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১,০৭৯ গৰাকী লোক । ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত সুস্থ হৈ উঠিছে ৮,৪৩৭ গৰাকী লোক ।