নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ২৯০ নিযুত ছাত্র–ছাত্রীৰ পাঠদান বন্ধ

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ চীনত সৃষ্টি হোৱা ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণ বিশ্বৰ ৮০খনতকৈও অধিক দেশলৈ সম্প্রসাৰিত হোৱাত আন্তঃৰাষ্ট্রীয় পর্যায়ত চিকিৎসাত অচলাৱস্থা সৃষ্টি হৈছে ৷ ইউনেস্ক’ৰ এক তথ্য মতে, সর্বাধিক আক্রান্ত হোৱা চীনকে ধৰি বিশ্বৰ ১৩খন দেশত সম্পূর্ণকৈ আৰু আন ৯খন দেশৰ বহু অঞ্চলত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়সমূহ ৷ যাৰ বাবে ২৯০.৫ নিযুত ছাত্র–ছাত্রী ঘৰতে বহি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ইউনেস্ক’ৰ প্রধান অউডেৰী অজৌলেই শিক্ষার্থীৰ এনেদৰে পাঠ গ্রহণত ব্যাঘাত হোৱাটো শিক্ষাৰ অধিকাৰত ব্যাঘাত জন্মা বুলি চিন্তা ব্যক্ত কৰিছে৷ চীনৰ পাছতে ছাত্র–ছাত্রীসকলৰ শিক্ষা গ্রহণত বাধা আহি পৰা দ্বিতীয়খন ৰাষ্ট্র হ’ল ইটালী৷ দক্ষিণ কোৰিয়া, জাপান, ইৰান, ফ্রান্স আৰু ভাৰততো ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বহু বিদ্যালয় বন্ধ কৰি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য মতে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ বিশ্বত এতিয়ালৈকে ৩,২০০ লোকে প্রাণ হেৰুৱাইছে আৰু ৯৪ হাজাৰাতকৈও অধিক লোক আক্রান্ত হৈছে৷ এই ৰোগৰ মোকাবিলা কৰিবৰ বাবে দুর্বল দেশসমূহলৈ আই এম এফে ৫০ বিলিয়ন ডলাৰ আর্থিক সাহায্য ইতিমধ্যে মুকলি কৰি দিছে ৷

You might also like