বিশ্বব্রহ্মাণ্ডত নতুন আৱিষ্কাৰ ৬ গ্রহৰ সমষ্টি
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বিশ্বব্রহ্মাণ্ডত ৬ গ্রহৰ সমষ্টি তথা বিশাল পৃথিৱী আৰু ৫ ক্ষুদ্র নেপচুনৰ সমষ্টি আৱিষ্কাৰ কৰিলে ফ্রান্সৰ বিজ্ঞানীয়ে৷ দেশখনৰ দক্ষিণ প্রান্তত অৱস্থিত হটে প্রভিন্স অৱজাৰভেটৰীত স্থাপিত ছ’ফী স্পেক্টে’গ্রাফ ব্যৱহাৰ কৰি তাৰকা এইচ ডি–১৫৮২৫৯ৰ চৌদিশে প্রদক্ষিণ কৰি থকা এই ৬ গ্রহৰ সমষ্টিক লৈ জ্যোতির্বিজ্ঞানীসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে৷ জার্নেল এষ্ট্র’নমী এণ্ড এষ্ট্র’ফিজিক্সত প্রকাশিত গৱেষণা পত্রখনত বিশ্ব ব্রহ্মাণ্ডত নতুনকৈ আৱিষ্কাৰ কৰা ৬ গ্রহৰ সমষ্টিৰ বিষয়ে উল্লেখ কৰা হৈছে৷
ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ অধ্যাপক ফ্রানকইছ বাউছিয়ে প্রকাশ কৰা মতে, এই নতুনকৈ আৱিষ্কাৰ হোৱা ৬ গ্রহ সমষ্টি সঠিক কক্ষপথতে তাৰকাটোক প্রদক্ষিণ কৰি আছে৷ মন কৰিবলগীয়া যে এটা গ্রহ পৃথিৱীতকৈ বহু গুণে ডাঙৰ বাবে তাক বিশাল পৃথিৱী আৰু বাকীকেইটা গ্রহ সৌৰজগতৰ নেপচুনতকৈ সৰু বাবে ক্ষুদ্র নেপচুন হিচাপে বর্ণনা কৰিছে৷