বিশ্বৰ শ্বেয়াৰ বজাৰত অঘটনঃ এসপ্তাহতে লোকচান ৫ ট্রিলিয়ন ডলাৰ
নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ চীনত সৃষ্ট মহামাৰী ক’ৰোনা ভাইৰাছে বিশ্বত জনস্বাস্থ্যৰ প্রতিয়েই ভাবুকি অনা নাই, বিশ্বৰ বজাৰতো পেলাইছে বিৰূপ প্রভাৱ ৷ তাৰ প্রতিফলন শুকুৰবাৰে পৰিলক্ষিত হ’ল ভাৰতীয় শ্বেয়াৰ বজাৰত ৷ এদিনতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে হেৰুৱাব লগা হয় ৫.৫ লাখ কোটি টকা ৷ বজাৰ খোলাৰ লগে লগেই হোৰাহোৰে কমিবলৈ ধৰে ছেনছেক্স ৷ দিনটোৰ শেষত ছেনছেক্স ১,৪৪৮.৩৭ পইণ্ট হ্রাস পাই ৩৮,২৯৭.৯২ত সমাপ্ত হয় ৷ শ্বেয়াৰৰ পতনৰ হাৰ ৩.৬৪ শতাংশ ৷ আনহাতে, নিফ্টী ৪৩১.৫৫ পইণ্ট হ্রাস পাই সমাপ্ত হয় ১১,২০১.৭৫ত৷ অৱনমনৰ হাৰ হ’ল ৩.৭১ ৷
বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই শ্বেয়াৰ বজাৰত এনে পতন হোৱা বুলি জানিবলৈ দিছে বজাৰ বিশেষজ্ঞই ৷ বিনিয়োগকাৰীসকলে আশংকা কৰিছে যে ক’ৰোনা ভাইৰাছৰ প্রকোপে বিশ্বজুৰি মহামাৰীৰ ৰূপ ল’ব পাৰে৷ এই আশংকাতে বিভিন্ন উদ্যোগ, প্রকল্প আৰু বজাৰত বিৰূপ প্রভাৱ পৰিছে ৷ যোৱা বছৰৰ অক্টোবৰৰ পাছত আজিৰ দিনটোতেই ছেনছেক্সৰ সর্বাধিক পতন ঘটিল ৷ ইয়াৰ বাবে ক্ষতিগ্রস্ত হৈছে বেংকিং, অটোম’বাইল, ধাতু, খনিজ তেল আৰু গেছ খণ্ড৷ লোকচানৰ সন্মুখীন হৈছে টাটা মটর্ছ, হিন্দালকো, টাটা ষ্টীল, বেদান্ত, টেক মহিন্দ্রা, জে এছ ডব্লিউ আৰু বাজাজ ফাইনেন্স ৷ এই প্রতিষ্ঠানসমূহৰ শ্বেয়াৰ ৩.৮৪ শতাংশৰ পৰা ৬.২৩ শতাংশ পতন হৈছে ৷ সর্বাধিক ক্ষতিগ্রস্ত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্রিজ, এইচ ডি এফ চি বেংক আৰু ইনফ’ছিছৰ শ্বেয়াৰ ৷
উল্লেখ্য যে যোৱা ৬টা দিনত ক’ৰোনা ভাইৰাছৰ প্রভাৱত ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লোকে ১২ লাখ কোটি টকা হেৰুৱাইছে৷ আজি প্রকাশ পোৱা তথ্য মতে, ভাৰতৰ ধনকুবেৰ তথা এছিয়াৰো সর্বাধিক ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ৫ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে, ভাৰতীয় বৃহৎ উদ্যোগপতি আদিত্য বিৰলা গ্রুপৰ কুমাৰ মংগলম বিৰলাৰ ৮৮৪ নিযুত ডলাৰ, আজিম প্রেমজীৰ ৮৬৯ নিযুত ডলাৰ, আদানী গ্রুপৰ মুখ্য গৌতম আদানীৰ যোৱা দুটা মাহত ৪৯৬ নিযুত ডলাৰ লোকচান হৈছে ৷ এই তালিকাত আছে উদয় কটক আৰু ছান ফার্মাৰ দিলীপ ছাংভিৰ নামো ৷ ভাৰতীয় ষ্টক বজাৰ আৰু উদ্যোগপতিৰ লোকচানৰ মূলতে হ’ল চীনৰ পৰা বিশ্বলৈ বিয়পি পৰা ক’ৰোনা ভাইৰাছ ৷
ইফালে, সমগ্র বিশ্বত বিশেষকৈ এছিয়া, আমেৰিকা আৰু ইউৰোপ মহাদেশৰ অর্থনীতিত ক’ৰোনা ভাইৰাছৰ বিৰূপ প্রভাৱ অর্থনীতিত পৰিছে৷ বিশ্বৰ বজাৰত যোৱা এটা সপ্তাহত লোকচান হৈছে ৫ ত্রিলিয়ন আমেৰিকান ডলাৰ৷ ২০০৮ চনত হোৱা বিশ্ব অর্থনীতিৰ মন্দাৱস্থাৰ পাছত এয়া সর্বাধিক লোকচান৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ চিন্তা কৰিছে৷ আনহাতে, ইতিমধ্যে বিনিয়োগ কৰা পুঁজি তুলি নিয়াৰ প্রৱণতা দেখা গৈছে বুলিও বজাৰ বিশেষজ্ঞই মন্তব্য কৰিছে৷ ভাৰতৰ উপৰি আমেৰিকা, চীন, জাপান, দক্ষিণ কোৰিয়াৰ শ্বেয়াৰ মার্কেটো অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈছে৷ আমেৰিকাত এটা দিনতে ষ্টক মার্কেটত বৃহৎ পতন ঘটিছে৷ ডউ জনছ ইণ্ডাষ্ট্রিয়েলত ১১৯০ পইণ্ট হ্রাস পাই গড় হিচাপত ৪.৪ শতাংশ পতন ঘটে৷ এফ টি এছ ই ১০০ হ্রাস পায় ৩.৫ শতাশলৈ৷ চীনৰ চাংহাই এছ ই কম্প’জিট ইনডেক্স ৩.৭১, জাপানৰ টপিক্স ৩.৬ শতাংশ আৰু হংকঙৰ ছেং ৩ শতাংশলৈ হ্রাস পাইছে৷ অষ্ট্রেলিয়া আৰু দক্ষিণ কোৰিয়াৰ বেঞ্চমার্ক ইনডেক্স ৩.৩ শতাংশকৈ হ্রাস পাইছে৷ ইউৰোপিয়ান দেশসমূহৰ ষ্টক বজাৰতো ক’ৰোনা ভাইৰাইছৰ বিৰূপ প্রভাৱ পৰিছে৷ জার্মানীৰ ডেক্সৰ ৫ শতাংশ, লণ্ডনৰ এফ টি এছ ই ১০০ৰ ৪.৪ শতাংশ, ইটালীৰ এফ টি এছ ই এমআইবিৰ ৪ শতাংশ হ্রাস পাইছে৷ চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা ক’ৰোনা ভাইৰাছৰ প্রভাৱ বিশ্বৰ বহু দেশতে পৰিছে৷ চুবুৰীয়া দক্ষিণ কোৰিয়াত ২০২২, জাপানত ৯৮৪, ইটালীত ৬৫০, ইৰানত ২৪৫, ছিংগাপুৰত ৯৬, হংকঙত ৯৩, আমেৰিকাত ৬০টাকৈ ঘটনা পোহৰলৈ আহিছে ক’ৰোনা ভাইৰাছ আক্রান্তৰ৷ বিশ্বৰ ৫০খনতকৈও অধিক দেশলৈ প্রাণঘাতী ক’ৰোনা ভাইৰাছ সংক্রমিত হৈছে৷ চীনত ২,৮০০ লোকে এই ৰোগত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ ইৰানত শেহতীয়াকৈ ২৬জন লোকৰ মৃত্যু হৈছে৷ যাৰ বাবে ভাৰতে দেশখনৰ সৈতে বিমান পৰিবহণ বন্ধ কৰি দিছে৷ ক’ৰোনা ভাইৰাছে মানুহৰ প্রাণ কাঢ়ি নিয়াৰ লগতে সমগ্র বিশ্বৰ বজাৰত বিৰূপ প্রভাৱ পেলোৱাত অনাগত সময়ত ই বিশ্ববাসীৰ বাবে বৃহৎ ভাবুকি হৈ পৰাটো নিশ্চিত হৈছে ৷