নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ জয়েৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত গোটাবায়া ৰাজ পাক্ষে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে অভিনন্দন

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ তামিল টাইগাৰ্ছক কঠোৰ হাতেৰে দমন কৰা গোটাবায়া ৰাজপক্ষে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৰাজপাক্ষেই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ছাজিদ প্ৰেমদাসাক পৰাভূত কৰে। প্ৰাক্তন সেনা বিষয়া ৭০ বছৰীয়া ৰাজপাক্ষেই ৫১.৯ শতাংশ ভোট লাভেৰে বৃহৎ জয় সাব্যস্ত কৰে। আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বতী তথা শাসকীয় দলৰ প্ৰতিদ্বন্দ্বী ছাজিদ প্ৰেমাদাসাই লাভ কৰে ৪৪.৪ শতাংশ ভোট। উল্লেখ্য যে যোৱা ১০ বছৰ পূৰ্বে তেতিয়াৰ লেফটেনেণ্ট কৰ্নেল গোটাবায়া ৰাজপক্ষেই কঠোৰ হাতেৰে দমন কৰি নিঃশেষ কৰিছিল এল টি টি ইক। ৰাজপক্ষৰ মুখপাত্ৰ ৰামবুকেৱেলাই কয়- এয়া এক বৃহত জয়। আমি অত্যন্ত সুখী যে গোটাবায়া শ্ৰীলংকাৰ পৰৰ্ৱতী ৰাষ্ট্ৰপতি হ’ব। ইফালে ৰাজপাক্ষেৰ জয়ত অভিনন্দন জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এক টুইটাৰ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়- ”ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনাৰ জয়ত আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আশা কৰিম, আমি ভাৰত আৰু শ্ৰীলংকাৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰি দেশ দুখনৰ নাগৰিকৰ মাজত শান্তি-সমৃদ্ধি বৃদ্ধিত মনোযোগ দিম। দুয়ো দেশৰ মাজত নিৰাপত্তা বিষয়টো একেলগে কাম কৰিম।” প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ জনসাধাৰণকো এই নিৰ্বাচন সফলভাৱে সম্পন্ন কৰাত অভিনন্দন জ্ঞাপন কৰে।

You might also like