নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ বেলজিয়ামৰ এটা প্রাচীন গির্জাৰ দেৱাল নির্মাণ কৰা হৈছিল মানুহৰ হাড়েৰে ৷ শেহতীয়াকৈ প্রত্নতত্ত্ববিদসক এই তথ্য পোহৰলৈ আনিছে ৷ একাংশ প্রত্নতত্ত্ববিদৰ মতে গির্জাটোৰ কোঠা নির্মাণৰ বাবে মৰিশালিৰ পৰা হাড়বোৰ স্থানান্তৰ কৰি এনেদৰে দেৱালয় সংস্থাপিত কৰা হৈছিল ৷ ঘেণ্ট চহৰৰ ছেইণ্ট–বাভো গির্জাত এই মানৱ হাড়েৰে নির্মিত প্রাচীৰ উদ্ধাৰ হৈছে ৷ ৫০০ বছৰ পুৰণি গির্জাটোত মানুহৰ হাড় তথা মূৰৰ লাওখোলা দেৱাল নির্মাণৰ বাবে কিয় ব্যৱহাৰ কৰা হৈছিল তাক লৈ কেইবাগৰাকীও প্রত্নতত্ত্ববিদে আৰম্ভ কৰিছে গৱেষণা ৷ কাৰণ গির্জাৰ দেৱাল নির্মাণ কৰিবলৈ মানুহৰ হাড় ব্যৱহাৰ কৰাৰ কোনো ধৰণৰ প্রাচীন পৰম্পৰা নাছিল ৷ গতিকে বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে মৰিশালিৰ পৰা এই হাড়বোৰ স্থানান্তৰ কৰি অন্য স্থানত ৰাখিব নোৱাৰাৰ বাবেই ইয়াক দেৱাল নির্মাণত ব্যৱহাৰ কৰা হৈছে ৷ উল্লেখনীয় যে ১৭ শতিকাত নির্মাণ কৰা এই গির্জাটোত যিবোৰ হাড় ব্যৱহাৰ কৰা হৈছে, সেইবোৰ তেতিয়াই ২০০ বছৰ পুৰণি আছিল ৷ অর্থাৎ এক মৰিশালিৰ মাজত এই গির্জাটো নির্মাণ হোৱা বুলি বিশেষজ্ঞসকলে সন্দেহ কৰিছে ৷ শেহতীয়াকৈ গির্জাটোত খনন কার্য চলোৱা সমগ্র প্রকল্পটোৰ মুৰব্বী জানিক ডে গ্রাইছেই ব্রুছেল টাইছক জনোৱা অনুসৰি ইয়াৰ পূর্বে পৃথিৱীৰ ক’তো মন্দিৰ, গির্জা বা মছজিদত এনেদৰে প্রাচীৰ নির্মাণ কৰিবলৈ মানৱ অংগ ব্যৱহাৰ কৰাৰ নজিৰ নাছিল ৷ গতিকে বিষয়টোক লৈ প্রত্নতাত্ত্বিক বিশেষজ্ঞসকল গৱেষণাৰ প্রতি উৎসুক হৈ পৰিছে ৷